শেহতীয়া খবৰ
Home / আঞ্চলিক / পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

বাঁহবাৰী ৰেঞ্জৰ ২ নং গেটত ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীয়ে

নিপু বায়ন, আনন্দ বজাৰঃ আজি পৰ্যটকৰ বাবে মুকলি হ’ল প্ৰকৃতিৰ ৰাণী বিশ্ব ঐতিহ্যক্ষেত্ৰ ব্যাঘ্ৰ প্ৰকল্পখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যান৷ দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু মানাহ ৰাষ্ট্ৰীয় উদ্যান সাধাৰণ পৰ্যটকৰ বাবে উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ ২ নং প্ৰৱেশদ্বাৰত আয়তীৰ মঙ্গল উৰুলিৰ মাজেৰে ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীয়ে৷ এই উপলক্ষে উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা৷ এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয় উদ্যানখনৰ প্ৰৱেশদ্বাৰত৷
ইফালে এইবেলিও পৰ্যটকে উদ্যানখনৰ বাঁহবাৰী প্ৰৱেশদ্বাৰকে ধৰি কাহিতামা বিট অফিচ, ভূঞাপাৰা ৰেঞ্জ অফিচ, ককিলাবাৰী আৰু পানবাৰী ৰেঞ্জ অফিচৰ প্ৰৱেশ পথেৰে উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। আনহাতে উদ্যান খনৰ অন্তৰ্ভাগত বনভোজৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ উপৰি উদ্যানখনক প্ৰদূষণমুক্ত কৰাৰ উদ্দেশ্যে সকলো ধৰণৰ পৰ্যটকে উদ্যানখনৰ ভিতৰত প্ৰৱেশৰ সময়ত লগত নিয়া প্লাষ্টিক পেকেট,পানীৰ বটল ইত্যাদিৰ হিচাপ প্ৰৱেশদ্বাৰত দি যোৱাৰ লগতে উভতি আহোঁতে উক্ত সামগ্ৰীৰ পেকেট সমূহ লৈ আহি কৰ্তৃপক্ষক দেখুৱাৰ নিয়ম বান্ধি দিয়া হৈছে। উদ্যানখনৰ ভিতৰত প্লাষ্টিকৰ সামগ্ৰী কোনো পৰ্যটকে এৰি থৈ আহিলে উদ্যানৰ আইন অনুসৰি জৰিমনা ভৰিব লাগিব বুলিও জানিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই৷
উল্লেখযোগ্য যে ২০১৭-১৮ বৰ্ষত মানাহলৈ আগমন ঘটা ৩৭,৫৯২ গৰাকী দেশী আৰু ৪৮০ গৰাকী বিদেশী পৰ্যটকৰ পৰা উদ্যান কৰ্তৃপক্ষই মুঠ ৮১,৩০,৮৩০ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বিটিচিৰ উপ মুখ্য কাৰ্যবাহী গৰাকীয়ে মানাহ অচিৰেই বেদখলমুক্ত কৰা হ’ব বুলি কোৱাৰ লগতে বৰপেটাৰোডৰ পৰা মানাহলৈ অহা জৰাজীৰ্ণ পথছোৱা এমাহৰ ভিতৰত মেৰামতি কৰি পৰ্যটকৰ বাবে সুচল কৰি তোলা হ’ব বুলি আশ্বাস প্ৰদান কৰে৷ আজি মানাহ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি মানাহৰ ইক’ট্যুৰিজিম গ্ৰুপৰ সদস্যই ভিন্ন সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰে৷ অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মা, বিশেষ কৰ্তব্যৰত বিষয়া ধৰণীধৰ বড়ো, চিৰাং জিলাৰ বন সংমণ্ডল বিষয়া ৰাজু বসুমতাৰী, বিটিচিৰ মুখ্য সচিব বীৰেন চন্দ্ৰ ফুকন, মথনগুৰি সমষ্টিৰ এমচিএলএ গৌতম দাস, শালবাৰী মহকুমাধিপতি দিলীপ কুমাৰ বাত্ৰা, শালবাৰী মহকুমা আৰক্ষী বিষয়া বাবুল নাথ, ডব্লিউ ডব্লিউ এফ, প্ৰকৃতিপ্ৰেমী সংস্থা, বহুকেইটা এনজিঅ’ৰ কৰ্মকৰ্তা, ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷