শেহতীয়া খবৰ
Home / আঞ্চলিক / আমগুৰিত বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসগৃহৰ সমীপৰ পৰা সেনাই মাৰণাস্ত্ৰসহ আটক কৰিলে দুই যুৱক

আমগুৰিত বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসগৃহৰ সমীপৰ পৰা সেনাই মাৰণাস্ত্ৰসহ আটক কৰিলে দুই যুৱক

ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য, জাঁজীঃ আমগুৰি সমষ্টিৰ বিধায়ক তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা প্ৰদীপ হাজৰিকাৰ বাসগৃহৰ নাতি দুৰৈত আজি বিয়লি সেনাই মাৰণাস্ত্ৰসহ দুজন যুৱকক আটক কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে শিৱসাগৰ মাইবেলাস্থিত সেনা শিবিৰৰ এটা দলে হালোৱাটিঙৰ কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ চি-১১৯  নং কোম্পানীৰ সহযোগত এক গোপনসূত্ৰৰ পম খেদি আমগুৰি থানাৰ অন্তৰ্গত জালুকগাঁৱৰ এখন বাহঁনিৰ পৰা যুৱক দুজনক আটক কৰে। উল্লেখযোগ্য যে উক্ত বাহঁনিখনৰ পৰা প্ৰায় ১০০ মিটাৰ দুৰত্বত বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসগৃহ। ধৃত যুৱকদ্বয় মেৰাপানীৰ কৃষ্ণ সোণোৱাল(২৬) আৰু বৰহোলাৰ হীৰেণ সোণোৱাল(৪০) বুলি জানিব পৰা গৈছে।
যুৱক দুজনৰ পৰা সেনাই আমেৰিকাত নিৰ্মিত .৩২ আৰু .২২ এম.এম. পিস্তল দুটা,  দুজাঁই সজীৱ গুলী, ৩ খন এ.টি.এম.কাৰ্ড, দুখন ড্ৰাইভিং লাইচেন্স, আৰু দুখন ভোটাৰ পৰিচয় পত্ৰ উদ্ধাৰ কৰিছে। সেনাৰ সূত্ৰই ধৃত লোক দুজন মাৰণাস্ত্ৰ বিক্ৰী কৰিবৰ বাবে অহা বুলি প্ৰকাশ কৰিছে। ধনৰ বিনিময়ত যুৱক দুজনে  অস্ত্ৰ দুটা সৰবৰাহ কৰিছিল বুলি প্ৰকাশ। আনহাতে ধৃত লোক দুজনে তেওঁলোকক মেৰাপানীৰ পৰা আটক কৰা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰাত সমগ্ৰ ঘটনাটো সেনাৰ দ্বাৰা ৰচিত এক নাটক বুলি সন্দেহ কৰা হৈছে। অহা ১৪ অক্টোবৰত আমগুৰিত আয়োজিত অসম গণ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰাকমুহুৰ্তত অগপ দলৰ বিধায়কৰ ঘৰৰ সমীপত মাৰণাস্ত্ৰসহ দুজনকৈ যুৱকক আটক কৰা ঘটনা ৰহস্যজনক বুলি বিবেচিত হৈছে। সেনাই ইতিমধ্যে ধৃত যুৱক দুজনক আমগুৰি আৰক্ষীক গতাই দিছে।