শেহতীয়া খবৰ
Home / আঞ্চলিক / যোৰহাটত মুন্নাভাই এমবিবিএছ আটক

যোৰহাটত মুন্নাভাই এমবিবিএছ আটক

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাটঃ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ অভিযোগ ভিত্তিত যোৰহাট আৰক্ষীয়ে আজি লিচুবাৰী অঞ্চলৰ পৰা মুন্নাভাইৰূপী এজন ভুৱা চিকিৎসকক আটক কৰে। চিকিৎসক জনৰ নাম অনুভৱ বিশ্বাস আৰু তেওঁ ঘৰ কলকাতাত বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে ধৃত চিকিৎসকজনে নগৰৰ উপকণ্ঠ বঙালপুখুৰীৰ বাঁহবাৰীৰ পথত বিশ্বাস আয়ুৰ্বেদিক ক্লিনিক খুলি ৰোগীক চিকিৎসা কৰি আহিছিল। তেওঁ কলকাতাৰ পৰা চিকিৎসকৰ ডিগ্ৰী লোৱা বুলিও আৰক্ষী জানিবলৈ দিছে। এই সন্দৰ্ভত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে যোৰহাট সদৰ থানাত এখন এজাহাৰ দিছিল। উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে চিকিৎসক জনক আটক কৰি নথি পত্ৰ পৰীক্ষা কৰি আছে।