শেহতীয়া খবৰ
Home / আঞ্চলিক / উৰিয়ামঘাটত অস্ত্ৰ সহ ৬ জন কৰায়ত্ব

উৰিয়ামঘাটত অস্ত্ৰ সহ ৬ জন কৰায়ত্ব

বিচিত্ৰ গোস্বামী, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত ১০ অক্টোবৰৰ ৰাতি উৰিয়ামঘাট থানাৰ এটি তহলদাৰি দলে অস্ত্ৰ এটি ছয়জনীয়া দুৰ্বৃত্ত দলক কৰায়ত্ব কৰে। উল্লেখ্য যে উৰিয়ামঘাটৰ মাজমজিয়াতে এখন চেন্ট’গাড়িত আহি থকা অৱস্হাতে উৰিয়ামঘাটৰ আৰক্ষীয়ে আবুতালি খালেক(২৭) কুঘাট‌অ চেমা(৩০) ফাতভি চেমা(২২) ভিক’হু চেমা(৩৬) জুনাক মাৰাক(২৬) জালাউদ্দিন আলি নামৰ ছয়জন দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও মুঠ আঠজনীয়া দলটোৰ দুজন পলায়ণ কৰিবলৈ সক্ষম হয়।
দুৰ্বৃত্ত কেইজনৰ হাতৰ পৰা আৰক্ষীয়ে এটা নাইন এম এম পিষ্টলসহ মুঠ পাঁঁচজাই সজীৱ গুলি উদ্ধাৰ কৰে। দুৰ্বৃত্ত কেইজন অস্ত্ৰ সৰবৰাহৰ কাৰ্যত জড়িত থকাৰ আশংকা কৰা হৈছে। উল্লেখ্য যে শাৰদীয় দূৰ্গাপূজাৰ সময়ত কূটাঘাটমূলক কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যেৰে অস্ত্ৰ সৰবৰাহৰ সন্দেহ কৰা হৈছে।