শেহতীয়া খবৰ
Home / আঞ্চলিক / আমগুৰিত মূল্যবৃদ্ধি, ৰাফেল কেলেংকাৰীৰ প্ৰতিবাদত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

আমগুৰিত মূল্যবৃদ্ধি, ৰাফেল কেলেংকাৰীৰ প্ৰতিবাদত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য, জাঁজীঃ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বানমৰ্মে আজি আমগুৰি নগৰত আমগুৰি সমষ্টি কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।  পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি আৰু ৰাফেল কেলেংকাৰীৰ বিৰুদ্ধে আমগুৰি চাৰিআলিত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা বালিকা পেগু, সম্পাদীকা পৰী হাজৰিকা আৰু শিৱসাগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিজিত দত্ত উপস্থিত থাকে।