শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰহস্যৰ আৱৰ্তত যোৰহাট যুৱকৰ হত্যাৰ ঘটনাঃ দুই অভিযুক্তক পুনৰ তিনি দিনৰ আৰক্ষী জিম্মালৈ, গ্ৰেপ্তাৰ কৰা নাই বডিউজ জামানক

ৰহস্যৰ আৱৰ্তত যোৰহাট যুৱকৰ হত্যাৰ ঘটনাঃ দুই অভিযুক্তক পুনৰ তিনি দিনৰ আৰক্ষী জিম্মালৈ, গ্ৰেপ্তাৰ কৰা নাই বডিউজ জামানক

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাটঃ যোৰহাট ৰয়েল ৰোডৰ স্ক্ৰেপ ব্যৱসায়ী নিজাম হুছেইনৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ী পাৰ্টনাৰ ৰাম শৰ্মা পাৰিক আৰু ট্ৰাক চালক আজমল খানক দুনিৰ আৰক্ষী জিম্মাত ৰখাৰ পাছত আৰক্ষীয়ে আজি গোলাঘাট আদালতত হাজিৰ কৰোৱাই পুনৰ তিনি দিনৰ জিম্মাত লয়।যিহেতু বিগত দুদিনত দুই অভিযুক্তৰ পৰা আৰক্ষীয়ে এই হত্যা কাণ্ডৰ কোনো তথ্যয়েই উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।উল্লেখ্য যে যোৰহাটৰ স্ক্ৰেপ ব্যৱসায়ী নিজাম হুছেইনে তেওঁৰ ব্যৱসায়ী পাৰ্টনাৰ যোৰহাট ৰূপহী আলিৰ ৰাম শৰ্মা লগত স্ক্ৰেপৰ বেটেৰীসহ এম এন ০১-৭৫৩৭ নম্বৰৰ ট্ৰাকখনত আহি আছিল।ডিমাপুৰ আৰু চিলনী জানৰ পৰা যোৱা দেওবাৰে নিশা পয্যন্ত হুছেইনে পত্নীৰ সৈতে ফনত কথাও পাতিছিল।

কিন্তু সোমবাৰে পুৱাই গোলাঘট জিলাৰ নামবৰ হাবিৰ মাজেৰে যোৱা পথৰ কাষত পেট ফলা অৱস্থাত নিজাম হুছেইনৰ মৃতদেহ উদ্ধাৰ হৈছিল। আৰু বিয়লি তেওঁলোকে স্ক্ৰেপ অনা গাড়ীসহ শৰ্মা আৰু ট্ৰাক চালক খান যোৰাবাট আৰক্ষীৰ হাতত আটক হৈছিল। কিন্তু যোৱা দুদিনে গোলাঘাট বগীজান আৰক্ষীয়ে দুই অভিযুক্তৰ পৰা সংঘটিত হত্যা কাণ্ডৰ সন্দৰ্ভত বিশেষ তথ্য উলিয়াব নোৱাৰাতো আৰু এজাহাৰত নাম উল্লেখ থকা হুছেইনৰ অন্যতম ব্যৱসায়ীক পাৰ্টনাৰ বডিউজ জামান ওৰফে ববাটোক এই পয্যন্ত গ্ৰেপ্তাৰ নকৰা কাৰ্যই আৰক্ষীৰ তদন্তত মৃত হুছেইনৰ পৰিয়ালৰ সন্দেহ হোৱা বুলি উল্লেখ কৰিছে। যিহেতু স্ক্ৰেপ ব্যৱসায়ীসকলৰ একাংশ আৰক্ষীৰে এক মধুৰ সম্পৰ্ক থকা বুলি প্ৰায়েই এক অভিযোগ উত্থাপন হৈ আহিছে। ইতিমধ্যে যোৰহাটৰ কেইজনমান স্ক্ৰেপ ব্যৱসায়ীয়ে এই হত্যা কাণ্ডটোৰ তদন্ত অন্যহাতে নিবলৈ আৰক্ষীৰ সৈতে যোগাযোগ কৰা বুলিও এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

ইফালে হুছেইনৰ অন্যতম ব্যৱসায়ীক পাৰ্টনাৰ জামানৰ আজি পয্যন্ত কোনো খবৰ নাই আৰু মবাইলৰ চুইছও বন্ধ কৰাৰ লগতে ৰয়েল ৰোডৰ ঘৰৰ পৰাও ঘটনাৰ পূৰ্বেই পুত্ৰ পৰিয়াল সহ আঁতৰি থকা কাৰ্য্যই জামানৰ দ্বাৰা পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে বুলি মৃত নিজাম হুছেইনৰ পৰিয়ালৰ লগতে ৰয়েল ৰোডৰ বাসিন্দাসকলে ভাবিবলৈ বাধ্য হৈছে কাৰণ মৃতদেহ উদ্ধাৰ হোৱা সময়ত হুছেইনৰ পেণ্টৰ পকেটৰ পৰা চল্লিছ হাজাৰ টকা উদ্ধাৰ হৈছিল৷ কিন্তু হত্যাকাৰীয়ে সেই টকা নিয়া নাছিল যদিও হুছেইনৰ স্ক্ৰীন টাছ মবাইলটোৰ ওপৰৰ স্ক্ৰীনখন ভাঙিপেলোৱাৰ লগতে ভিতৰৰ চিম আৰু মেমৰি কাৰ্ড খুলি লৈ যোৱা বুলি হুছেইনৰ পৰিয়ালে জানিবলৈ দিছে। পৰিয়ালে মৃতদেহৰ পকেটৰ পৰা পোৱা মবাইলটোত কিবা তথ্য পোৱাৰ আশাত ভাল কৰিবলৈ দিওতে চিম আৰু মেমৰি কাৰ্ড নোপোৱাত এইটো যে এক সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড এই কথা ভাবিবলৈ বাধ্য হৈছে। কিন্তু বিগত দুদিনত আৰক্ষীৰ জিম্মাত থকা ৰাম শৰ্মা আৰু গাড়ী চালক আজমল খানে এটাই কথা কৈছে যে নামবৰ হাবিৰ ওচৰত গাড়ীৰ পৰা নিজাম হুছেইনে নামি গৈছিল আৰু বহু সময় নহা দেখি গাড়ীখন তেওঁলোকে লৈ আহিছিল। যদি তেওঁলোকৰ কথা সত্য হয়, তেন্তে নিজাম হুছেইনক ইমান মৰ্মান্তিক ধৰণে কোনে হত্যা কৰিলে। এই হত্যা কাণ্ডৰ ৰহস্য আৰক্ষীয়ে ফাদিল কৰিবলৈ সক্ষম হ’বনে বুলিও যোৰহাট ৰয়েল ৰোডৰ বাসিন্দাসকলৰ লগতে হুছেইনৰ পৰিয়ালৰ লোকেও প্ৰশ্ন উত্থাপন কৰিছে।