শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকিঃ দিল্লী আৰক্ষীয়ে উদ্ধাৰ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকিঃ দিল্লী আৰক্ষীয়ে উদ্ধাৰ কৰিলে তথ্য

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰক পিছুৱাই অনাৰ বাবে, অৰ্থাৎ পৰৱৰ্তী সময়ত যাতে বিজেপিয়ে শাসনভাৰ ল’ব নোৱাৰে তাৰ বাবে বিৰোধী দলসমূহে মহাগোটবন্ধনৰ সিদ্ধান্তত উপনীত হোৱাৰ দিশে আগবাঢ়ে৷ ইপিনে মহাগোটবন্ধনৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীক ৰোধ কৰাৰ বাবে উঠিপৰি লগাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীলৈ হত্যাৰ ভাবুকি আহে৷ দিল্লী আৰক্ষীয়ে আজি প্ৰধানমন্ত্ৰী মোদীলৈ অহা হত্যাৰ ভাবুকি প্ৰকাশ কৰে৷ দিল্লী আৰক্ষী আয়ুক্ত অমলু পাটনায়কে এক ই-মেইল পোৱা বুলি উল্লেখ কৰে৷ য’ত লিখা থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি দিয়া বুলি৷ দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি উক্ত ই-মেইল অসমৰ কোনো এখন জিলাৰ পৰা আহে৷ অৱশ্যে উক্ত ই-মেইল প্ৰেৰণ কৰা ব্যক্তিজনক এতিয়ালৈ চিনাক্ত কৰিব পৰা নাই বুলি দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰে৷

উক্ত ই-মেইল পোৱাৰ পাছতে দিল্লী আৰক্ষীৰ গাত একপ্ৰকাৰ তত্ নাইকিয়া হোৱাৰ দিশে আগবাঢ়ে৷ অৱশ্যে আৰক্ষীয়ে উক্ত ঘটনাক লৈ অনুসন্ধান অব্যাহত ৰাখে৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি এয়া প্ৰথমবাৰৰ বাবে অহা নহয়৷ ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকি দিয়া বুলি আৰক্ষীয়ে প্ৰকাশ কৰে৷ পুণে আৰক্ষীয়ে উক্ত বিষয়ত এখন পত্ৰ পাইছিল বুলি উল্লেখ কৰে। য’ত নক্সালপন্থীয়ে প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকি দিছিল৷