শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ১০০ কোটিৰ টেক্স ফাঁকি দিল্লী চৰকাৰৰ পৰিবহণ মন্ত্ৰী কৈলাশৰ

১০০ কোটিৰ টেক্স ফাঁকি দিল্লী চৰকাৰৰ পৰিবহণ মন্ত্ৰী কৈলাশৰ

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ কেজৰিৱাল চৰকাৰৰ অন্যতম মন্ত্ৰী কৈলাশ গেহলটৰ দিন বেয়াৰ ফালে গতি কৰিছে৷ পৰিবহণ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আয়কৰ বিভাগে অভিযান চলায়৷ আয়কৰ বিভাগে মন্ত্ৰী কৈলাশৰ বিৰুদ্ধে তেওঁৰ আৱাসত অভিযান চলাই এশ কোটিৰ টেক্স ফাঁকি দিয়া বুলি উল্লেখ কৰে৷ আয়কৰ বিভাগে উক্ত অভিযান ইনকাম ৰিটাৰ্নছৰ ভিত্তিত কৰা বুলি প্ৰকাশ৷

পৰিবহণ মন্ত্ৰীগৰাকীয়ে অঙহী-মঙহীৰ নামত সম্পত্তি গঢ়ি আনকি তেওঁৰ ড্ৰাইভাৰৰ নামতো সম্পত্তি গঢ়ে৷ উক্ত কাৰ্য আয়কৰ বিভাগে ধৰা পেলায়৷ পৰিবহণ মন্ত্ৰীগৰাকীৰ চালকৰ নামত সম্পত্তি লাভ কৰা বুলি প্ৰকাশ কৰে আয়কৰ বিভাগে৷ ইতিমধ্যে দিল্লী চৰকাৰৰ পৰিবহণ মন্ত্ৰী কৈলাশৰ ১৬টা স্থানত আয়কৰ বিভাগে তালাচী চলায়৷