শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / অৱনমিত মূল্যবোধ

অৱনমিত মূল্যবোধ

বিজেপিৰ যোৱা মাজুলী কাৰ্যনিৰ্বাহক সভাৰ আলোচনা কালত স্বাধীনোত্তৰ কালত কংগ্ৰেছে মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা কথাটোত একমত প্ৰকাশ কৰিলোঁ। সুদীৰ্ঘ কাল শাসনত থকা কংগ্ৰেছে ধৰ্মনিৰপেক্ষতাক প্ৰতিষ্ঠা কৰাত আন্তৰিকতাৰে কাম কৰিলে আজি আৰ এছ এছৰ শাখা সংগঠন বিজেপিয়ে দুই তৃতীয়াংশ সমৰ্থনেৰে বৰঘৰ দখল কৰিব নোৱাৰিলেহেঁতেন। একমাত্ৰ ভোট সংগ্ৰহৰ কৌশল হিচাপে নিৰ্যাতিত সংখ্যালঘুৰ মাজতে ধৰ্মনিৰপেক্ষতাৰ শিক্ষা দিলে কংগ্ৰেছে আৰু ৮০ শতাংশ হিন্দুৰ মাজত হিন্দুত্বকে সাৰ-পানী যোগাই আৰ এছ এছক ৰঙা দলিছা পাৰি দিলে। গণতান্ত্ৰিক প্ৰমূল্যবোধো কংগ্ৰেছে বহুলাংশে বিনষ্ট কৰিছে। ভাৰতীয় সংসদীয় ৰাজনীতিত ক্ষমতাৰ অপব্যৱহাৰ¸ ধনবল-বাহুবলৰ সংস্কৃতি কংগ্ৰেছে আমদানি কৰা। আমি কংগ্ৰেছৰ অপসংস্কৃতিৰ দ্বাৰা আক্ৰান্ত ভুক্তভোগী নাগৰিক। কংগ্ৰেছৰ ভণ্ড ধৰ্মনিৰপেক্ষতাক প্ৰত্যাহ্বান জনাই হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিব বিচৰা বিজেপিয়ে কংগ্ৰেছে ৰখা সুৰুঙাবোৰে ৰাখি যাব বিচৰা নাই। সেয়ে ‘বিমুদ্ৰাকৰণ’ৰ নিচিনা স্বৈৰাচাৰী নীতিৰে বাকী দলবোৰক পঙ্গু কৰি বিজেপিয়ে ‘সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদ’ৰ ধ্যান ধাৰণাৰে তৃণমূল পৰ্যায়লৈকে সাধাৰণ মানুহৰ মন-মগজুত হিন্দুত্ববাদ প্ৰতিষ্ঠাৰ যি ৰণকৌশল লৈছে তাক প্ৰতিহত কৰাৰ ক্ষমতা কংগ্ৰেছৰ নাই কাৰণ আদৰ্শগত অনুশীলনৰ পৰম্পৰা কংগ্ৰেছে বহুদিন আগতেই বাদ দিছে। কংগ্ৰেছীসকলৰ নিজৰ মাজতেই আছে আদৰ্শগত সংঘাত।

বিজেপিৰ যোৱা কাৰ্যনিৰ্বাহকৰ অন্তত অসম চৰকাৰৰ অন্যতম শক্তিশালী মন্ত্ৰীয়ে এন আৰ চি প্ৰস্তুতিৰ উদ্দেশ্য বিফল হোৱা বুলি আক্ষেপ কৰি তাৰ বাবে অসম চুক্তিকেই দায়ী কৰে। এইজন মন্ত্ৰীয়েই কংগ্ৰেছ চৰকাৰৰ দিনত এন আৰ চিৰ মডেলিটী প্ৰস্তুতিৰ বাবে গঠন কৰা কেবিনেট ছাব কমিটীৰো অন্যতম কাণ্ডাৰী আছিল। মডেলিটীত আজিও ৰৈ যোৱা জটিলতাখিনিৰ নেপথ্যৰ মানুহজন তেওঁয়েই। সেয়ে তেওঁৰ এই মন্তব্য দুয়োটা চৰকাৰৰ কাৰ্যকালকে সামৰি লৈছে। মুঠতে এন আৰ চি  প্ৰস্তুতিৰ উদ্দেশ্যই ত্ৰুটিপূৰ্ণ। এই সম্পৰ্কে যোৱা ১১ছেপ্টেম্বৰয২০১৮ তাৰিখৰ গণ অধিকাৰ কাকতত মোৰ এক প্ৰতিবেদন প্ৰকাশ পাইছিল। আনহাতে এন আৰ চিৰ দাবী-আপত্তি পৰ্যায়ত হকে-বিহকে আপত্তি কৰি অধিক হাৰত এক বিশেষ সম্প্ৰদায়ৰ ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰবিহীন কৰাৰ ষড়যন্ত্ৰ স্পষ্ট হৈ পৰিছে। মন্ত্ৰীৰ এনে মন্তব্যৰ পিছত এন আৰ চি প্ৰস্তুতিৰ দায়িত্বত থকা অধিকাংশ বিষয়া-কৰ্মচাৰীয়ে তাকে অনুসৰণ কৰাটো স্বাভাৱিক কাৰণ ৰজাৰ সন্তুষ্টিৰ ওপৰতে নিৰ্ভৰ কৰে চাকৰ গোলামৰ অন্ন!উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানৰ কথাটো অন্যায়কাৰী চৰকাৰ,¸ বিষয়া-কৰ্মচাৰীৰ ঢাল হিচাপেই ব্যৱহৃত হৈ থাকিব।

এনেয়ে এন আৰ চি উন্নীতকৰণৰ বাবে প্ৰস্তুত কৰা নিয়মাৱলী ৪ (ক) সংবিধানৰ ১৪ নং ধাৰাৰ পৰিপন্থী। নিয়মটোৱে আৰম্ভণিতে নাগৰিকসকলক দুটা শ্ৰেণীত বিভক্ত কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গ্ৰহণৰ মাধ্যমত অসম চুক্তিক নস্যাৎ কৰিব পাৰিলে ৰৈ যোৱা সামান্যতম অসুবিধাখিনিও নাথাকিব। এন আৰ চি প্ৰস্তুতিৰ অসৎ উদ্দেশ্য  ১০০শতাংশই পূৰণ হ’ব ড০ শৰ্মা লেখিয়া মানুহখিনিৰ।

এইখিনিতে অত্যন্ত আত্মবিশ্বাস আৰু প্ৰত্যয়েৰে অসমবাসীক এটা কথা জনাব বিচাৰিছোঁ যে বহু প্ৰকৃত ভাৰতীয়ৰ নাগৰিকত্বৰ সমৰ্থনত তথ্য পাতি নথকাৰ দৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা একাংশ ধৰ্মীয় সংখ্যালঘু মানুহৰ নাগৰিকত্বৰ সমৰ্থনত পৰ্যাপ্ত নথি নাথাকিব পাৰে¸ শিক্ষা- সংস্কাৰৰ অভাৱ আৰু প্ৰশাসনিক জটিলতাৰ কাৰণে কোনোবাই মিছাযজাল সংযোগী প্ৰমাণ-পত্ৰ জমা দিব পাৰে কিন্তু  এন আৰ চি আবেদনকাৰীসকলৰ মাজত ১৯৭১ চনৰ পিছত অহা এজনো বিদেশী লোক নাই। অসম সম্পৰ্কে ড০ শৰ্মাতকৈ আমি কম বুজি নাপাওঁ। অন্যহাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ মাধ্যমত যিসকলক সকাহ দিব বিচৰা হৈছে ¸ সেইটো সম্ভৱ হৈ উঠিলে এন আৰ চি প্ৰক্ৰিয়াই ৰাষ্ট্ৰবিহীন সজোৱাসকলৰ মাজত নাথাকিব এজনো প্ৰকৃত বিদেশী।

মাজুলীত অনুষ্ঠিত বিজেপি কাৰ্যনিৰ্বাহকত লোৱা প্ৰায়বিলাক সিদ্ধান্তই অসমৰ আঞ্চলিকতা বিৰোধী, সংস্কৃতি বিৰোধী, অসম আন্দোলন আৰু চুক্তি বিৰোধী। আনকি সংবিধান বিৰোধীও আছিল।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত দৃঢ় মত পোষণ কৰা কাৰ্যনিৰ্বাহকত পৰোক্ষভাৱে অসম চুক্তিক অপ্ৰাসঙ্গিক প্ৰতিপন্ন কৰা হয়। অতিকেন্দ্ৰিক ভাৰতীয় শাসন ব্যৱস্থাত এটা আঞ্চলিক দলেও ৰাজ্য পৰিচালনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নীতিক অনুসৰণ কৰিবলৈ বাধ্য কিন্তু বিজেপিৰ সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদত ৰাষ্ট্ৰৰ উন্নয়ন কোনো উদ্দেশ্য নহয় বৰঞ্চ ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ বিনষ্ট কৰাই এই ৰাষ্ট্ৰীয়তবাদৰ মুখ্য উদ্দেশ্য। যাৰ কাৰণে ধৰ্মনিৰপেক্ষতাৰ আগত ইতিবাচক শব্দৰ প্ৰয়োগেৰে সাংবিধানিক ধৰ্মনিৰপেক্ষতাক সংকোচিত কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত জনমত সৃষ্টিৰ এক প্ৰয়াস কৰা হৈছে। এনে মানসিকতা মাত্ৰ অসম আন্দোলন বা অসম চুক্তিবিৰোধীয়েই নহয়ই অসমৰ সংস্কৃতি আৰু পৰম্পৰাবিৰোধী।

লোকসভা নিৰ্বাচনৰ আগে-ভাগে অসমত সংঘৰ্ষ সৃষ্টি কৰি তাক সাম্প্ৰদায়িক ৰূপ প্ৰদান কৰাও আজিৰ পৰিস্থিতত শাসকীয় দলৰ এক মুখ্য কৰ্মসূচী। সেয়ে নাগৰিকত্ব বিধেয়ক, এন আৰ চি¸ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কোনো গণতান্ত্ৰিক আন্দোলনৰ আক্ৰমণাত্মক প্ৰতিৰোধৰ লগতে পঞ্চায়ত নিৰ্বাচনতো কৰ্মকতাসকলক আক্ৰমণাত্মক হোৱাৰ বাবে প্ৰস্তাৱ যুগে অনুপ্ৰাণিত কৰা হয়।