শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / সপ্তাহটোত দ্বিতীয়বাৰৰ বাবে হ্ৰাস পালে পেট্ৰল-ডিজেলৰ মূল্য

সপ্তাহটোত দ্বিতীয়বাৰৰ বাবে হ্ৰাস পালে পেট্ৰল-ডিজেলৰ মূল্য

ডিজিটেল ডেস্কঃ এক দীৰ্ঘ সময়ৰ পৰা ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে জলাকলা খুৱাই অহাৰ সময়তে আজি দুৰ্গা পূজাৰ শেষৰ দিনাটোত পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাসে কিছু পৰিমাণে হ’লেওঁ সকাহ দিছে৷ দেশৰ বিভিন্ন প্ৰান্তত শুক্ৰবাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস পায়৷ আজিৰ মূল্য হ্ৰাসে এই সপ্তাহটোত দ্বিতীয়বাৰলৈ হ্ৰাস কৰিলে পেট্ৰল-ডিজেলৰ মূল্য৷ ২৪ পইচা হ্ৰাসেৰে ৰাজধানী দিল্লীত আজি পেট্ৰলৰ মূল্য হৈছে ৮২.৩৮ টকা৷ ১০ পইচা হ্ৰাসেৰে দিল্লীত ডিজেলৰ মূল্য হৈছে ৭৫.৪৮ টকা৷

মুম্বাইত পেট্ৰলৰ মূল্য ২৪ পইচা আৰু ডিজেলত ১১ পইচা হ্ৰাস পাইছে৷  মুম্বাইত পেট্ৰলৰ মূল্য ৮৭.৮৪ টকা আৰু ডিজেল ৭৯.১৩ টকা৷কলকাতাত পেট্ৰলৰ মূল্য ৮৫.৬৩ টকা আৰু ডিজেল ৭৯.৮২ টকা আৰু চেন্নাইত পেট্ৰলৰ মূল্য ৮৪.২১ টকা আৰু ডিজেল ৭৭.৩৩ টকা৷

বিগত কেইবা মাহৰ পৰা প্ৰায় প্ৰতিদিনেই বৃদ্ধি পাই আছিলে পেট্ৰল-ডিজেলৰ মূল্য আৰু এই মূল্য বৃদ্ধিয়ে গতি কৰিছিল এক অভিলেখৰ দিশে৷ ইন্ধনৰ এই অত্যাধিক মূল্যবৃদ্ধিৰ ফলত বিমোৰত পৰিবলগীয়া হৈছিল সাধাৰণ জনতা৷ ইন্ধনৰ মূল্যবৃদ্ধিৰ ফলত ডলাৰৰ তুলনাত আৰু হ্ৰাস পাইছে টকাৰ মূল্য আৰু এই টকাৰ মূল্য হ্ৰাসেও পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে৷ এক চৰম পৰিস্থিতি চলিত মাহৰ অৰম্ভণীতে কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক হ্ৰাস কৰি গ্ৰাহকক কিছু পৰিমাণে সকাহ দিবলৈ যত্ন কৰিছিল৷