শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / অমৃতসৰত দছেৰাত ৰেলে মহতিয়ালে শতাধিকক

অমৃতসৰত দছেৰাত ৰেলে মহতিয়ালে শতাধিকক

ডিজিটেল ডেস্কঃ অমৃতসৰত দছেৰাৰ আনন্দ-উছাহৰ মাজতে সংঘটিত হয় ভয়াৱহ ৰেল দুৰ্ঘটনা। এই দুৰ্ঘটনাত অতি কমেও ৬০ জন লোক নিহত হোৱাৰ আশংকা কৰা হৈছে।

প্ৰাপ্ত বাতৰি মতে, চৌৰা বাজাৰ অঞ্চলত শ শ লোকে ৰেলপথৰ সমীপৰ পৰা ৰাৱণ দাহৰ অনুষ্ঠান উপভোগ কৰি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। জলন্ধৰৰ পৰা অমৃতসৰ অভিমুখী তীব্ৰবেগী ৰেলখনে পথত শ শ লোকৰ ভিৰ প্ৰত্যক্ষ কৰি হৰ্ণ বজাইছিল যদিও ৰাৱণ দাহৰ ফটকাৰ শব্দত সেয়া ভালদৰে শুনা নাছিল।

ফলত তীব্ৰবেগী ৰেলখনে ৰেলপথত থিয় হৈ ৰাৱণ দাহৰ দৃশ্য উপভোগ কৰি থকা শতাধিক লোকক মহতিয়াই নিয়ে। ইয়াৰে ৬০ জন লোকৰ থিতাতে মৃত্যু ঘটা বুলি পঞ্জাৱৰ কেবাটাও স্থানীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

ইফালে, ঘটনাটোৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় লোকসকল। ৰেল কৰ্তৃপক্ষৰ ভুলৰ বাবে এই ভয়াৱহ ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি দাবী কৰি স্থানীয় লোকসকলে ৰেল পথ অৱৰোধেৰে সাব্যস্ত কৰে প্ৰতিবাদ।

ঘটনাৰ খবৰ পোৱা মাত্ৰকে ৰেল বিভাগৰ উচ্চপদস্থ বিষয়াসকলে পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয়। পঞ্জাব চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক নৱজ্যোৎ সিং সিদ্ধুৱো উপস্থিত হয় ঘটনাস্থলীত। মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ কিছু সময় পিছতে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে নিহতসকলৰ পৰিয়ালবৰ্গলৈ ৫ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান আৰু আহতসকলৰ চিকিৎসাৰ সমস্ত ব্যয় বহন কৰাৰ কথা ঘোষণা কৰে।

ভয়াৱহ এই ৰেল দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটৰ জৰিয়তে এক শোকবাৰ্তাত মোদীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ কথা সদৰী কৰে।

দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙেও এই শোকাৱহ ঘটনাৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ পঞ্জাৱ চৰকাৰৰ কেন্দ্ৰ পৰা সকলোপ্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।