শেহতীয়া খবৰ
Home / আঞ্চলিক / বৰ্ষাপাৰাৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ বাবে ভাৰতীয় দলৰ খেলুৱৈৰ তালিকা ঘোষণা

বৰ্ষাপাৰাৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ বাবে ভাৰতীয় দলৰ খেলুৱৈৰ তালিকা ঘোষণা

ডিজিটেল সংবাদ, গুৱাহাটীঃ ২১ অক্টোবৰত ভাৰত আৰু ৱেষ্টইণ্ডিজৰ মাজত গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব প্ৰথমখন এদিনীয়া খেল৷ বিজয়ৰ লক্ষ্যৰে ইতিমধ্যে অনুশীলনত নামিছে দুয়োটা দলৰ খেলুৱৈসকল৷ আৰু মাত্ৰ কেইটামান ঘন্টা পিছতে দেওবাৰে দুপৰীয়া ডেৰ বজাত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত খেলখন৷ বি চি চি আইয়ে ইতিমধ্যে ৰাজহুৱা কৰিছে ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ নাম৷

ইতিমধ্যে টেষ্ট শৃংখলাৰ দুয়োখন খেলতে উন্নত প্ৰদৰ্শন দাঙি ধৰা ভাৰতীয় দলটোৰ লক্ষ্য হ’ব এদিনীয়া শৃংখলাতো এই ধাৰা অব্যাহত ৰখা৷ কেৰিবিয়ান দলটোৰ সন্মুখত অপ্ৰতিৰোধ্য হিচাপে থিয় দিব ভাৰত৷ ৫ খনকৈ টেষ্ট মেচত ৩৪৪ ৰাণ সংগ্ৰহ কৰি অগণন ক্ৰীড়া প্ৰেমীৰ নয়নৰ মণি হোৱা ৰিষভ পন্টৰ দুৰ্দান্ত প্ৰদৰ্শনৰ আশা বহু লোকৰ৷

ইফালে, ভাৰতীয় নবীন খেলুৱৈগৰাকীয়ে প্ৰথমখন এদিনীয়া খেল খেলিব গুৱাহাটীত৷ ঠিক তেনেদেৰে খেলখনত অংশ ল’বলগীয়া অন্যান্য ভাৰতীয় খেলুৱৈ সকল হৈছে- বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা, শিখৰ ধাৱান, অম্বতি ৰাইডু, এম এছ ধোনী (উইকেট কীপাৰ), ৰবিন্দ্ৰ জাডেজা, যুজবেন্দ্ৰ চহল, কুলদ্বীপ যাদৱ, মহম্মদ চামী, কে খলিল আহমেদ আৰু উমেশ যাদৱ৷

উল্লেখ্য যে, যশপ্ৰীত বুমৰাহ আৰু ভুৱনেশ্বৰ কুমাৰক জিৰণি দি তেওঁলোকৰ ঠাইত খেলিব উমেশ যাদৱ আৰু মহম্মদ চামীয়ে৷ ঠিক তেনেধৰণে এছিয়া কাপত দুৰ্দান্ত প্ৰদৰ্শনৰে ৪খন খেলত ৭ টা উইকেট লাভ কৰা বাবে এদিনীয়া খেলখনত স্থান সুনিশ্চিত হ’ল ৰবিন্দ্ৰ জাডেজাৰ৷