শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

ডিজিটেল ডেস্কঃ শনিবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস পালে ০.৩৯ টকা। ইফালে ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.১২ টকা। বৰ্তমান দিল্লীত পেট্ৰ’লৰ প্ৰতিলিটাৰত ৮১.৯৯ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৫.৩৬ টকা হয়গৈ। আনহাতে, মুম্বাইতো হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ’লত ০.৩৮ টকা আৰু ডিজেলত ০.১৩ টকা হ্ৰাস পায়। বৰ্তমান মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৭.৪৬ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৯.০০ টকা।

বিগত ৩ দিন ধৰি একে লেথাৰিয়ে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস পাই আছে। উল্লেখ্য যে ১৮ অক্টোবৰত প্ৰতি লিটাৰ পেট্ৰ’লত ২২পইচা আৰু ডিজেলত ১১পইচা, একেদৰে ১৯ অক্টোবৰত পেট্ৰ’লত ২৫ পইচা আৰু ডিজেলত ১১ পইচা কৈ হ্ৰাস পাইছিল আৰু শনিবাৰে অৰ্থাৎ আজিও গুৱাহাটীত পেট্ৰ’লত ৪০ পইচা আৰু ডিজেলত ১৩ পইচাকৈ হ্ৰাস পালে।

আজি গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৮১.৮৯ টকাত আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৭৬.৩১ টকাত স্থিৰ হৈছে।