শেহতীয়া খবৰ
Home / আঞ্চলিক / যোৰহাটৰ দুধৰ্ষ অপৰাধী নীৰজ ওৰফে কলা  লৰা  আৰক্ষী জালতঃ উদ্ধাৰ বন্দুক 

যোৰহাটৰ দুধৰ্ষ অপৰাধী নীৰজ ওৰফে কলা  লৰা  আৰক্ষী জালতঃ উদ্ধাৰ বন্দুক 

গণবাৰ্তা বিশেষ, যোৰহাটঃ যোৰহাট আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ অপৰাধী নিৰজ দাস ওৰফে কলা ল’ৰা। যোৰহাট বড়িগাওৰ নীৰজে বিগত সময়ত বহু কেইটা চুৰি ডকাইতি ঘটনাৰ লগতে মাৰপিটৰ ঘটনাৰ লগত জড়িত আছিল। আৰক্ষীৰ বাবে মষ্ট ৱাণ্টেড হৈ পৰা নীৰজে দুৰ্গা পূজাৰ মাজতে এয়াৰ গান দেখুৱাই কেইবাটাও ডকাইতি ঘটনা লগতে কেইবাজনো গাড়ী চালকক ধন দাবী আৰু সংগ্ৰহ কৰিছিল। এই ঘটনা সন্দৰ্ভত ভোগদৈ আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টুলুমনি দুৱৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ অভিযানকাৰী দলে চহৰৰ মাজৰ পৰা নীৰজ দাস ওৰফে কলাই লৰাক  যোৱা ১৬ অক্টোবৰ তাৰিখে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কৰা জেৰাত নীৰজৰ পৰা বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ভাৰতীয় দণ্ড বিধি আইনৰ ৩৮৭/৫০৯ ধাৰাৰ অধীনত ২৫২৩/১৮ নম্বৰত এক গোচৰ ৰুজু কৰি ১৮ অক্টোবৰ তাৰিখে নীৰজক আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰা হয়। নীৰজৰ পৰা আৰক্ষীয়ে এটা এয়াৰ গাণ আৰু এখন মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয়।