শেহতীয়া খবৰ
Home / আঞ্চলিক / নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাৰ বিভিন্ন অঞ্চলত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাৰ বিভিন্ন অঞ্চলত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

আনিছুল জামান,গোৱালপাৰাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰিবলৈ বিজেপিৰ কাৰ্যনিৰ্বাহকত সিদ্ধান্ত লোৱাৰ পিছত অহা ২৩ অক্টোবৰত যুটীয়া সংসদীয় সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব। আৰম্ভণিৰে পৰা বিধেয়কখন বাতিল কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিজেপি চৰকাৰৰ এই জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ আৰম্ভ কৰিছে। আজি আবেলি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি হুছেইন আহমেদ মাদানীৰ নেতৃত্বত বলদমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত ফৰেষ্টগেটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহব, বিধেয়ক বাতিল কৰিব লাগিবই, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল মুর্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।
একেদৰে জিলা প্ৰচাৰ সম্পাদক ৰবিউল ইছলামৰ নেতৃত্বত মাৰকুলা আঞ্চলিক ছাত্ৰ মুক্তিৰ উদ্যোগত মাৰকুলা নিৰু বজাৰ তিনিআলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি পৰিবেশ উত্তাল কৰে। শাকতোলা আঞ্চলিক সমিতিয়ে আঞ্চলিকৰ সভাপতি নুৰ আলমৰ নেতৃত্বত শাকতোলা বজাৰত মুখ্যমন্ত্ৰী সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক তথা গোৱালপাৰা জিলা সমিতিৰ সভাপতি আমিনুল হকে কয় কোনো পধ্যেই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হবলৈ দিয়া নহ’ব, প্ৰয়োজনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত যিকোনো পৰ্যায়ৰ আন্দোলন গঢ়ি তোলা হ’ব আৰু সেই আন্দোলনত যিকোনো পৰিস্থিতিৰ বাবে দায়ী হ’ব সৰ্বানন্দ সোনোৱাল চৰকাৰ। অসমত কাকো জাতি জনগোষ্ঠীৰ নামত সংঘাতো লগাবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰে।