শেহতীয়া খবৰ
Home / আঞ্চলিক / মুকালমুৱাত ভয়াবহ বাছ দুৰ্ঘটনাঃ নিহত পাঁচ, আহত অৰ্ধশতাধিক

মুকালমুৱাত ভয়াবহ বাছ দুৰ্ঘটনাঃ নিহত পাঁচ, আহত অৰ্ধশতাধিক

ষ্টাফ ৰিপ’ৰ্টাৰ, নলবাৰীঃ  নলবাৰী জিলাৰ আদাবাৰীত আজি আবেলি সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত পাচ জন লোক থিতাতে নিহত হোৱাৰ লগতে বাচ খনত থকা প্ৰায় অৰ্ধশতাধিক যাত্ৰী কম বেছি পৰিমাণে আহত হোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ বন্যা বোবাই আনিছে। ঘটনাৰ বিৱৰণী মতে, নলবাৰী জিলাৰ মুকালমৱা আৰক্ষী থানাৰ অন্তৰ্গত গুৱাহাটী হাজো দৌলাশাল বৰপেটা গড়কাপ্তানী পথৰ আদাবাৰীত  গুৱাহাটীৰ পৰা মুকালমুৱা ৰামপুৰ চিনাদি হৈ আম্ৰিখোবালৈ  আহি থকা এ এছ- ২০-১৪২২ নম্বৰৰ এ এছ টি চি বাছখনে আদাবাৰীত এখন পকী দলং পাৰ হৈ দলংৰ মূৰত থকা প্ৰকাণ্ড গাতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰে। প্ৰায় অৰ্ধশতাধিক যাত্ৰীৰ গুৱাহাটীৰ পৰা যাত্ৰা কৰা অভিশপ্ত বাছ খনৰ সন্মূখ ভাগ পানীৰ তলত সোমাই পৰে। ফলত যাত্ৰী সকলৰ মাজত আতংকৰ সৃষ্টি হয়। লগে লগে স্থানীয় ৰাইজ তথা মুকালমুৱা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত তথা আহত সকলক উদ্বাৰ কৰি মুকালমুৱা সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু আদাবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে।
নিহত সকল নিহতসকল ক্ৰমে নলবাৰীৰ পিপলিবাৰীৰ ত্ৰৈলোক্য হালৈ, লাচিমাৰ পম্পী বেগম আৰু চিলবানু বেগম, হাজোৰ কূলহাটীৰ পিজাৰা দাস আৰু অনিমা দাস। আনহাতে মুকালমুৱা সামূহিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসাধীন হোৱা আহত সকল কুসুম দাস, দ্বীপচন্দন দাস, কংকন দাস, ৰংমন দাস ঠুঠিকাটা বৰি, আমিৰ চান্দ কান্ধমাৰী, নিৰদা বৰ্মন আম্ৰিখোবা নৰেশ্বৰৰ হালৈ দমদমা মুকালমুৱা, প্ৰানেশ্বৰ বৰ্মন জগমায়া দাস আৰু অনিমা ডেকা সৰ্থেবাৰী, ভেবল আলী, চৈয়দ আলী ভাঙনমাৰী, মৃনময় ডেকা ধীমান ডেকা, দেৱাশীষ ডেকা, লম্বোধৰব বৰ্মন আম্ৰিখোবা জানমনি ডেকা, প্ৰনব ডেকা, ব্যসকুছি কুশল দাস ভগৱান দাস মীনা দাস, হৰ সীতা দাস, বীৰেন দাস, কৌশিক দাস চিনাদি বুলি জানিব পৰা গৈছে৷