শেহতীয়া খবৰ
Home / আঞ্চলিক / কয়াকুছিত গ্ৰন্থ আৰু সমন্বয় মেলাৰ ব্যাপক প্ৰস্তুতিঃ পৰিচালনা সমিতি গঠন

কয়াকুছিত গ্ৰন্থ আৰু সমন্বয় মেলাৰ ব্যাপক প্ৰস্তুতিঃ পৰিচালনা সমিতি গঠন

ছাহেদ আলী আহমেদ, কয়াকুছিঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঢাৰিনগৰী, বিদ্যানগৰী তথা ক্ষুদ্ৰ বাণিজ্যৰ কেন্দ্ৰ কয়াকুছিত সৰুক্ষেত্ৰী গ্ৰন্থ আৰু সমন্বয় মেলা অনুষ্ঠিত হ’ব। কয়াকুছিৰ ডাঃ বি আৰ আম্বেদকাৰ চায়েন্স একাডেমী চৌহদত আজি আবেলি ২ বজাত অনুষ্ঠিত এক ৰাজহুৱা সভাত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধেৰে সমন্বয়ৰ সেতু গঢ়া আৰু নৱ প্ৰজন্মক বৌদ্ধিক দিশত বিকাশ ঘটোৱাৰ উদ্দেশ্যে উক্ত মেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আবু বাক্কাৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত উক্ত গুৰুত্বপূৰ্ণ সভাত সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়কদ্বয় ক্ৰমে ডাঃ তাৰা প্ৰসাদ দাস আৰু আলী হুছেইন, চিআৰপিএফ সহকাৰী বিষয়া আলহাজ মিজানুৰ ৰহমান, যুৱনেতা ছাকেদ আলী আহমেদ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সবজল হক শিকদাৰ, অধিবক্তা ৰেজাউল হক খান, বৰপেটা জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক হাচেন আলী, কয়াকুছি শাখা সাহিত্য সভাৰ উপদেষ্টা ছিদ্দিকুৰ ৰহমান, বৰপেটা জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি চৈয়দ জেহেৰুল ইছলাম, কুজাৰপীঠৰ বিশিষ্ট সমাজকৰ্মী নজৰুল ইছলাম, সৰুক্ষেত্ৰী মৌজাৰ বিশিষ্ট সমাজকৰ্মী ৰহিম খান, বাংলীপাৰাৰ উদীয়মান যুৱক ৰাজু খান, দিলদাৰ হুছেইন প্ৰভৃতি ব্যক্তি সকলে ভাষণ প্ৰসংগত বিষয় বস্তুৰ ওপৰত আলোকপাত কৰি গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।
কয়াকুছি মহাবিদ্যালয়ৰ অধ্যাপক চাদেক আলী আহমেদে উদ্দেশ্য ব্যাখ্যা কৰা উক্ত সভাত গ্ৰন্থ আৰু সমন্বয় মেলা পৰিচালনা কৰাৰ বাবে আবু বাক্কাৰ ছিদ্দিকক সভাপতি, আলহাজ মিজানুৰ ৰহমানক কাৰ্যকৰী সভাপতি, ছিদ্দিকুৰ ৰহমান, নজৰুল ইছলাম, ৰামকৃষ্ণ দাস,  তবিবৰ ৰহমান, অধ্যাপক আবুবাক্কাৰ ছিদ্দিক,চৈয়দ জেহেৰুল ইছলাম, অধিবক্তা সবজল হক শিকদাৰক উপ সভাপতি, অধ্যাপক চাদেক আলী আহমেদক মুখ্য সম্পাদক, দিলদাৰ হুছেইন, আলেপ খানক যুটীয়া সম্পাদক আৰু দুৰ্জন আলীক কোষাধ্যক্ষ হিচাপে লৈ এক সমিতি গঠন কৰে। সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়কদ্বয় ক্ৰমে  ডা০ তাৰা প্ৰসাদ দাস আৰু আলী হুছেইনক পৰিচালনা সমিতিত মুখ্য উপদেষ্টা হিচাপে ৰখা উক্ত সভাত প্ৰায় পাঁচ শতাধিক গ্ৰন্থানুৰাগী লোক উপস্থিত থাকে।