শেহতীয়া খবৰ
Home / আঞ্চলিক / ২৩ অক্টোবৰত অসম বন্ধ ঘোষণা ৪৪ জাতীয় সংগঠনৰ

২৩ অক্টোবৰত অসম বন্ধ ঘোষণা ৪৪ জাতীয় সংগঠনৰ

ডিজিটেল ডেস্কঃ অহা ২৩ অক্তোবৰ আৰু ১৬ ১৭ নৱেম্বৰত কৃষক মুক্তিকে ধৰি ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ অসম বন্ধৰ আহ্বান৷ অহা ২৩ অক্তোবৰৰ দিনা যুটীয়া সংসদীয় সমিতিয়ে প্ৰতিশ্ৰুতি মতে, পুনৰবাৰ অসমলৈ শুনানিৰ বাবে নাহি কেবিনেটৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব বিচৰা বুলি অভিযোগ তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনে।
অসমলৈ পুনৰবাৰ শুনানিলৈ আহিম বুলি কৈ নহাকৈ যুটীয়া সংসদীয় কমিটীয়ে সিদ্ধান্ত ল’ব বিচৰা বাবে উক্ত দিনটোত ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনে। আজি চানমাৰিস্থিত হোটেল অলংকাৰত ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই যৌথ সভা অনুষ্ঠিত কৰি তৎকালীনভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে।
আনহাতে অহা ১৬ আৰু ১৭ নৱেম্বৰৰ দিনাও অসমত সৰ্বাত্মকৰূপে যাতায়াত ব্যৱস্থা অচল কৰাৰ সিদ্ধান্ত লৈছে ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনে। অহা ১৭ নৱেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ৰ সমৰ্থনত হিন্দু বাঙালীৰ একত্ৰিত সংগঠন নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চই কোনো কাৰণতে যিকোনো সভা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি বৈঠকত উপস্থিত নেতৃবৃন্দই দাবী জনায়। এই সন্দৰ্ভত আজি তৎকালীনভাৱে অসম চৰকাৰৰ মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰি ২৬টা বঙালী সংগঠনৰ সমাৱেশ বন্ধ কৰাৰ দাবী জনাব ৪২টা জাতি-জনগোষ্ঠীৰ সংগঠনে।
তদুপৰি অহা ১ নৱেম্বৰৰ দিনা অসম চৰকাৰক ইয়াৰ এক সু-স্পষ্ট সিদ্ধান্ত লোৱাৰ বাবে দাবী জনায় সংগঠনসমূহৰ নেতৃবৃন্দই। অন্যথা অহা ১৬-১৭ নৱেম্বৰত ৪৮ ঘণ্টীয়া প্ৰশাসন বন্ধ, জল-স্থল-বায়ু পৰিবহণ ব্যৱস্থা অচল কৰি দিয়াৰ হুংকাৰ দিয়ে। লগতে ব্যক্তিগত বাহনো বন্ধ ৰখাৰ আহ্বান, গুৱাহাটীত চিটিবাছ চলাচলো বন্ধ ৰাখিবলৈ দিয়াৰ লগতে OIL, ONGCৰ লগতে চাহপাতৰ কোম্পানিও বন্ধ কৰি ৰাখিবলৈ আহ্বান জনায়।
যদি চৰকাৰে উক্ত হিন্দু বঙালী সমাৱেশ বন্ধ নকৰে, তেন্তে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ’লে চৰকাৰৰ ফালৰ পৰা নিজাববীয়াকৈ সৃষ্টি কৰা বুলি ধৰি লোৱা হ’ব। লগতে অনাকাংক্ষিত পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলিও বৈঠকত ঘোষণা কৰা হয়। আনহাতে ১৯৭১ চনৰ পূৰ্বে অসমৰ খিলঞ্জীয়া বঙালীসকলক উক্ত সমাৱেশত অংশগ্ৰহণ নকৰাৰ বাবে অনুৰোধ জনাই তেওঁলোকলৈ চিঠি প্ৰেৰণ কৰিব।
আজি অনুষ্ঠিত উক্ত বৈঠকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ অখিল গগৈ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, তাই আহোম ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ আদিবাসী ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মটক ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, আমছু, অনুসূচিত জাতি ছাত্ৰ সন্থা, অনুসূচিত জাতি যুৱ পৰিষদ, তাই আহোম যুৱ পৰিষদ, আহোম সেনা, বাঘ সেনা, অবড়ো সুৰক্ষা সমিতি, অসমীয়া যুৱ মঞ্চকে, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সদৌ অসম গৰীয়া মৰীয়া যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম অসমীয়া মিঞা পৰিষদ, যুঁজাৰু দি ফাইটাৰকে ধৰি ৪২টা সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।