শেহতীয়া খবৰ
Home / আঞ্চলিক / এন আৰ চি সঞ্চালকালয়ত পদ খালী

এন আৰ চি সঞ্চালকালয়ত পদ খালী

ৰাজ্যিক এন আৰ চি সমন্বয়কে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে

পদসমূহঃ

জিলা প্রকল্প তত্বাৱধায়ক (ডি পি এছ)

খালী পদ সংখ্যাঃ সাতটা।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫০ শতাংশ নম্বৰসহ কলা/বিজ্ঞান/বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী। তদুপৰি কোনাে চৰকাৰী অথবা প্রতিষ্ঠিত ব্যক্তিগত সংস্থাত কাম কৰাৰ ন্যূনতম এবছৰৰ অভিজ্ঞতা থাকিব লাগিব। কম্পিউটাৰৰ প্ৰাৰম্ভিক জ্ঞান থাকিব লাগিব৷ এই নিযুক্তি জিলা উপায়ুক্ত কার্যালয়ত হ’ব।

চক্র প্রকল্প তত্বাৱধায়ক (চি পি এছ)

খালী পদ সংখ্যাঃ চাৰিটা

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫০ শতাংশ নম্বৰসহ কলা/বিজ্ঞান/বাণিজ্য/মেনেজমেন্ট ডিগ্রীধাৰী হ’ব লাগিব। তদুপৰি কোনাে চৰকাৰী অথবা প্রতিষ্ঠিত ব্যক্তিগত সংস্থাত কাম কৰাৰ ন্যূনতম এবছৰৰ অভিজ্ঞতা থাকিব লাগিব। কম্পিউটাৰৰ প্ৰাৰম্ভিক জ্ঞান থাকিব লাগিব। এই নিযুক্তি চক্ৰ বিষয়া কার্যালয়সমূহত হ’ব।

কনিষ্ঠ সহায়ক (জিলামহকুমা-চক্র পর্যায়)

খালী পদ সংখ্যাঃ ৭০টা

শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্রী। তদুপৰি কম্পিউটাৰ এপ্লিকেচন/ডি টি পিৰ এবছৰীয়া ডিপ্লমা থাকিব লাগিব। এই পদসমূহৰ নিযুক্তি উপায়ুক্ত, মহকুমাধিপতি অথবা ৰাজহ চক্ৰ বিষয়াৰ কার্যালয়ত হ’ব।

গাণনিক প্ৰৱন্ধক

খালী পদ সংখ্যাঃ এটা।

শিক্ষাগত অহর্তা ও বি কম ডিগ্রীধাৰী হ’ব লাগিব। তদুপৰি চৰকাৰী অথবা প্রতিষ্ঠিত ব্যক্তিগত সংস্থাত কাম কৰাৰ ন্যূনতম তিনি বছৰৰ অভিজ্ঞতা থাকিব লাগিব। কম্পিউটাৰৰ প্ৰাৰম্ভিক জ্ঞান থাকিব লাগিব। এই পদৰ নিযুক্তি এন আৰ চি সমন্বয়কৰ কার্যালয়ত হ’ব।

জিলা প্রকল্প তত্বাৱধায়ক (মুখ্য কার্যালয়)

খালী পদ সংখ্যাঃ এটা

শিক্ষাগত অহর্তাঃ ন্যূনতম ৫০ শতাংশ নম্বৰসহ এম বি এ অথবা কলা/বিজ্ঞান/বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব। তদুপৰি কোনাে চৰকাৰী অথবা প্রতিষ্ঠিত ব্যক্তিগত সংস্থাত কাম কৰাৰ ন্যূনতম এবছৰৰ অভিজ্ঞতা থাকিব লাগিব। কম্পিউটাৰৰ প্ৰাৰম্ভিক জ্ঞান থাকিব লাগিব। এই পদৰ নিযুক্তি এন আৰ চি সমন্বয়ক কার্যালয়ত হ’ব।

প্রকল্প কাৰ্যবাহী (আই ই চি আৰু সংগ্রহ)

খালী পদ সংখ্যাঃ এটা।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫০ শতাংশ নম্বৰসহ এম বি এ অথবা কলা/বিজ্ঞান/বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব। তদুপৰি কোনাে চৰকাৰী অথবা প্রতিষ্ঠিত ব্যক্তিগত সংস্থাত কাম কৰাৰ ন্যূনতম এবছৰৰ অভিজ্ঞতা থাকিব লাগিব। কম্পিউটাৰৰ প্ৰাৰম্ভিক জ্ঞান থাকিব লাগিব। এই পদৰ নিযুক্তি এন আৰ চি সমন্বয়ক কার্যালয়ত হ’ব।

প্রকল্প কাৰ্যবাহী (এইছ আৰ আৰু প্ৰশিক্ষণ)

খালী পদ সংখ্যাঃ এটা

শিক্ষাগত অৰ্হতাঃ এইছ আৰসহ এম বি এ ডিগ্ৰীধাৰী হ’ব লাগিব। তদুপৰি এবছৰৰ কর্ম। অভিজ্ঞতা থাকিব লাগিব। এই পদৰ নিযুক্তি এন আৰ চি সমন্বয়কৰ কার্যালয়ত হ’ব।

প্রশাসনিক সহায়ক খালী পদ সংখ্যাঃ তিনিটা

শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্রী। তদুপৰি কম্পিউটাৰ এপ্লিকেচন/ডি টি পিৰ এবছৰীয়া ডিপ্লমা থাকিব লাগিব। এই পদৰ নিযুক্তি এন আৰ চি সমন্বয়কৰ কার্যালয়ত হ’ব।

কার্যালয়ৰ পিয়ন

খালী পদ সংখ্যাঃ এটা

শিক্ষাগত অৰ্হতাঃ হাইস্কুল শিক্ষান্ত উত্তীর্ণ। তদুপৰি কোনাে চৰকাৰী অথবা প্রতিষ্ঠিত ব্যক্তিগত সংস্থাত এবছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ উপৰােক্ত পদসমূহৰ বিপৰীতে প্রার্থীৰ বয়স চলিত বৰ্ষৰ এক জানুৱাৰীত ১৮ৰ পৰা ৪২ বছৰৰ ভিতৰত হ’ব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখ অহা ২৯ অক্টোবৰ