শেহতীয়া খবৰ
Home / আঞ্চলিক / দেওবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস

দেওবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস

ডিজিটেল ডেস্কঃ দেওবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। দিল্লীত দেওবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস পালে ০.২৫ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.১৭ টকা। বৰ্তমান দিল্লীত পেট্ৰ’লৰ প্ৰতিলিটাৰত ৮১.৭৪ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৫.১৯ টকা হয়গৈ। আনহাতে, মুম্বাইতো হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ’লত ০.২৫ টকা আৰু ডিজেলত ০.১৮ টকা হ্ৰাস পায়। বৰ্তমান মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৭.২১ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৮.৮২ টকা।

দেওবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৮১.৬৩ টকাত আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৭৬.১৩ টকা৷