শেহতীয়া খবৰ
Home / আঞ্চলিক / বন্ধ প্রতিহত কৰিবলৈ ৰাজ্য চৰকাৰৰ ব্যৱস্থা

বন্ধ প্রতিহত কৰিবলৈ ৰাজ্য চৰকাৰৰ ব্যৱস্থা

ডিজিটেল ডেস্ক, দিছপুৰঃ কাইলৈ কেইবাটাও সংগঠনে আহবান জনােৱা ১২ ঘণ্টীয়া অসম বন্ধ প্রতিহত কৰিবলৈ সকলােবােৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ৰাজ্য চৰকাৰে আজি পুনৰ কঠোৰভাৱে সঁকিয়াই দিছে। বন্ধৰ সময়ছােৱাত সকলােবােৰ চৰকাৰী/অর্ধ চৰকাৰী কাৰ্যালয়ত বিষয়াকর্মচাৰীৰ নিয়মীয়া উপস্থিতি সাব্যস্ত কৰিবলৈ, ৰাজহুৱা পৰিবহন ব্যৱস্থা সুচল কৰিবলৈ আৰু বন্ধৰ সমর্থকক প্রয়ােজন অনুসাৰে আটক কৰি স্বাভাৱিক জীৱন যাত্রা অব্যাহত ৰখাৰ বাবে আৱশ্যকীয়। আইনানুগত সম্ভৱপৰ সকলাে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে জিলা প্রশাসনসমূহক নির্দেশ দিছে। ২০১২ চনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বার্থজড়িত গােচৰ (পি.আই.এল) নং ৫৪/২০১২ মর্মে দিয়া ৰায় অনুসাৰে বন্ধৰ দ্বাৰা ক্ষতিগ্রস্ত ৰাজহুৱা/ব্যক্তিগত সা-সম্পদৰ তাৎক্ষণিক প্রতিবেদন যুগুতাবলৈও চৰকাৰে জিলা উপায়ুক্তসকলক নির্দেশ দিছে যাতে পৰবৰ্তী সময়ত বন্ধ আহ্বানকাৰী সংগঠনসমূহৰ পৰা ক্ষতিপূৰণ আদায় কৰাটো সম্ভৱ হয়।

আনহাতে, কামৰূপ মহানগৰ জিলা উপায়ুক্তই আজি জাৰি কৰা এক সুকীয়া নির্দেশ মর্মে জিলাখনৰ অন্তৰ্গত সকলােবােৰ চৰকাৰী/অর্ধ চৰকাৰী কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ ১০০% উপস্থিতি নিশ্চিত কৰাৰ বাবে আৱশ্যকীয় পদক্ষেপ ল’বলৈ বিভাগীয় মুৰব্ৰীসকলক নির্দেশনা দিছে৷