শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / ৰাজনৈতিক নেতাৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বাঢ়িছে কিয় ?

ৰাজনৈতিক নেতাৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বাঢ়িছে কিয় ?

সম্প্ৰতি সমাজত আত্মহননৰ পথ বাছি লোৱা যুৱক-যুৱতীৰ সংখ্যা দিনক-দিনে বৃদ্ধি পাই আছে বুলি আমি দেখি আহিছো। যুৱ প্ৰজন্মৰ মাজত উচছৃংখলতাৰ্পূণ পৰিৱেশৰ সৃষ্টি হৈ তেওঁলোকক ধবংসৰ মাজলৈ ঠেলি দিয়াৰ, আত্মহননৰ পথ বাছি লোৱাৰ এশ এবুৰি কাৰণৰ মাজত অন্যতম কাৰণ ৰ্কমসংস্থাপনৰ অভাৱ, দৰিদ্ৰতাৰ কাৰণ, অৰ্থাভাৱ আদি৷ এতিয়া দেখিছো আমাৰ ৰাজনৈতিক নেতাসকলৰ এচামে ‘চেলেঞ্জ’ দিবলৈ গৈ আত্মহত্যা কৰিব বুলি ভাবুকি দিছে৷ অমুকে অমুক কৰিব পাৰিলে নতুবা মই অমুক কামটো কৰিব নোৱাৰিলে চিদাই আত্মহত্যা কৰিম৷ আত্মহত্যা এক মহাপাপ৷ এনে মহাপাপৰ দ্বাৰা আমাৰ ৰাজনৈতিক নেতাসকলে কি বুজাব বিচাৰিছে ? যুৱ সমাজক আত্মহত্যা কৰিবলৈ উৎসাহিত কৰিছে নেকি ? ৰাজনৈতিক নেতাসকলৰ এয়া কেনেধৰণৰ ল’ৰা-ধেমালি ?

শাসকীয় পক্ষৰ নেতাৰ মাজতেই আত্মহত্যাৰ প্ৰৱনতা দেখি হাঁহিমে নে কান্দিম ভাবি ওৰ পোৱা নাই৷০৪-১০-২০১৮ তাৰিখে প্ৰথমে দিছপুৰৰ বিধায়ক অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে আত্মহত্যা কৰিম বুলি ঘোষণা কৰাৰ পিছত এইবাৰ বিজিপি ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসেও আত্মহত্যাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছে৷ ১৪-১০-২-১৮ তাৰিখে হোজাইত অনুষ্ঠিত এখন ৰাজহুৱা সভাত সভাপতিজনে ঘোষণা কৰিছে যে যদিহে বদৰউদ্দিন আজমল মুখ্যমন্ত্ৰী হয় তেন্তে তেওঁ আত্মহত্যা কৰিব৷

এয়া আকৌ কেনে ধৰণৰ চিন্তা-ধাৰা ? কোনোবাই জানো নিজে নিজেই মুখ্যমন্ত্ৰী হ’ব পাৰে ? ভাৰতৰ্বষ এখন গণতান্ত্ৰিক দেশ৷ গণতন্ত্ৰ দেশত ৰাইজেই ৰজা৷ ৰাইজেই মৌলিক অধিকাৰ সাৱ্যস্ত কৰি ৰ্নিবাচন কৰে জন প্ৰতিনিধি৷ আজমল চাহাবো ভাৰতীয় নাগৰিক৷ ৰাইজে তেওঁক সৰ্মথন কৰিলে হ’ব পাৰে তেৱোঁ মুখ্যমন্ত্ৰী৷ সেইবুলি বিজিপিৰ সভাপতি গৰাকীয়ে আত্মহত্যা কৰিব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিবনে ? এয়া আকৌ কেনে ধৰণৰ মানসিকতা ? বিজ্ঞ ৰাজনৈতিক নেতাসকলৰ মুখত এনে ধৰণৰ পাতল কথা শোভা পায়নে ?

আত্মহত্যা কৰিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰা লোকক সচৰাচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ শাসনত থকা ৰাজনৈতিক নেতাসকলে ৰাজহুৱাভাৱে আত্মহত্যাৰ কথা ঘোষণা কৰাৰ পাছতো অসম আৰক্ষীয়ে মৌনব্ৰত পালন কৰিছে কিয় ? আইন সকলোৰে বাবে সমান হ’ব লাগে৷ তেতিয়াহে আইনৰ প্ৰতি মানুহৰ আস্তা থাকিব৷ দিছপুৰৰ বিধায়ক অতুল বৰাই ০৪-১০-২০১৮ তাৰিখে হিন্দু বাংলাদেশীক সংস্থাপন দিলে আত্মহত্যা কৰিব বুলি কৰা মন্তব্যৰ খন্তেক সময় পাছতে বহুবল্কী বিধায়ক শিলাদিত্যই সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিছপুৰৰ বিধায়কক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে অতুল বৰাক মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে বুলি কৈ তেওঁক মানসিক চিকিৎসালয়ত উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ পৰাৰ্মশ দিছিল৷

তাৰিখে দিছপুৰৰ বিধায়ক অতুল বৰাই হিন্দু বাংলাদেশীক সংস্থাপন দিলে আত্মহত্যা কৰিব বুলি কৰা মন্তব্যৰ খন্তেক সময় পাছতে সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিছপুৰৰ বিধায়ক জনক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছিল বিৰ্তকিত মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা, দলটোৰ বহুবল্কী বিধায়ক শিলাদিত্যই৷ অতুল বৰা মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে আৰু তেওঁক মানসিক চিকিৎসালয়ত উপযুক্ত চিকিৎসা প্ৰদান কৰা প্ৰয়োজন আছে বুলিও শিলাদিত্যই মন্তব্য কৰিছিল৷ এতিয়া শিলাদিত্যই ‘নিমাতী কন্যা’ হৈ আছে কিয় ? তেওঁ আনৰ বেলিকা যি কথা যুক্তিৰে কয়, বিজিপি সভাপতিৰ বিৰুদ্ধে সেই কথা কোৱাৰ সাহস তেওঁৰ নাই নেকি ?

এই বিৰ্তকিত মন্তব্য শুনি এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে স্পষ্টকৰণ দিবলৈ গৈ কয় যে বদৰউদ্দিন আজমলৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন নাই৷ এই সৰ্ন্দভত আমি কওঁ-সপোন দেখিলেই যেনিবা, তাতে কি হ’ল ? সপোন দেখাটো কাৰো পাপ হ’ব নোৱাৰে৷ মুখ্যমন্ত্ৰী হ’বলৈ হ’লে ৰাইজৰ কাম কৰিব নালাগিব জানো ? ব্যবসায় বাদ দি ৰাইজৰ কাম কৰিবলৈ আজমল চাহাবৰ সময়ে আছে বা ক’ত৷ নিজৰ সমষ্টিৰ মানুহখিনিকে তেওঁ সন্তুষ্ট কৰিব নোবাৰে৷ তাতে আকৌ মুখ্যমন্ত্ৰী হোৱাৰ সপোন কেনেকৈ দেখিব ?

সম্পতি অসমীয়া জাতি গভীৰ সংকটত পৰিছে৷ নাগৰিকত্ব সংশোধনী বিধায়কৰ বিৰোধিতা কৰিছে প্ৰতিগৰাকী খিলঞ্জীয়াই৷ জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ শাসনৰ বাঘজৰী লোৱা বিজিপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ খিলঞ্জীয়া অসমীয়া জাতিৰ আৱেগ-অনুভূতি ছাৰখাৰ কৰিব বিচৰা জাতিধবংসী সিদ্ধান্তবোৰ অসমীয়া মানুহে কোনো পধ্যেই মানি ল’ব নোৱাৰে৷ অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়াই  বিদেশীমুক্ত অসম বিচাৰে৷ হিন্দু বাংলাদেশীৰ সংস্থাপনৰ বিৰোধিতা কৰি ফাঁচী বজাৰৰ সমীপত  ১৩-১০-১৮ তাৰিখে আলফাই বোমা বিসেফাৰণ ঘটোৱা সৰ্ন্দভত বিজিপিৰ ৰাজ্যিক সভাপতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আলফাৰ ভাবুকিক তেওঁ ভয় নকৰে৷

আমি সাধাৰণ ৰাইজে কিন্তু ভয় কৰো৷ এই শাৰদীয় উৎসৱৰ আগমুৰ্হূতত এনে ঘটনাটোৱে আমাক আতংকগ্ৰস্ত কৰি তুলিছে৷ ঘৰৰ পৰা এখন্তেক ওলাই যাবলৈ আমাৰ ভয় হৈছে৷ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আমি সুধিছো-ভাই ভাইৰ তেজেৰে ফাঁকু খেলিলে সমস্যাৰ সমাধান হ’বনে ? আমি সাধাৰণ ৰাইজেনো কি অপৰাধ কৰিছো ?

শিলাদিত্যই কয়- কেৱল বিহু আৰু পূজাৰ সময়ত বোমা বিস্ফোৰণ ঘটাই আতংকৰ সৃষ্টি কৰা আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সাহস আছে যদি ঈদৰ সময়ত বোমা ফুটাই দেখুৱাওক৷ তেওঁৰ নীচ মানসিকতা দেখি আমিও বিভিন্ন দল-সংগঠনৰ লগত তেওঁক ধিক্কাৰ দিছো৷ তেওঁৰ দৰে ৰ্ধমান্ধ ব্যক্তিয়ে আমাক পোহৰৰ পৰিৰ্বতে এন্ধাৰত নিমজ্জিত কৰিবলৈ প্ৰয়াস কৰে৷ তেওঁৰ দৰে নীচ মানসিকতাৰ ব্যক্তিৰ বাবেহ প্ৰকৃত মানৱ ৰ্ধম ৰ্অথহীন অৱস্তালৈ ৰ্পযবসিত হয়৷ এইবোৰ দেখি আমি ক’বলৈ বাধ্য হৈছো-ৰ্ধমনিৰপেক্ষ গণতান্ত্ৰিক দেশত বিজিপি নেতৃত্বাধীন চৰকাৰখনে খিলঞ্জীয়া অসমীয়া জাতিৰ আৱেগ-অনুভূতি গচকি, ৰ্ধমৰ দোহাই দি ৰাজনীতি কৰি বিদেশীৰ বোজা জাপি অসমবাসীক কোঙা কৰিব বিচৰিছে৷ আত্মহত্যাটো এটা ল’ৰা-ধেমালিত ৰূপান্তৰ হৈছে৷

ফোনঃ ৯৪০১৯১৬৫৪৭