শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ৰিলায়েন্সে খুলিব ২০০০ টা নতুন পেট্ৰ’ল পাম্প

ৰিলায়েন্সে খুলিব ২০০০ টা নতুন পেট্ৰ’ল পাম্প

দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীলৈ প্ৰত্যাহবান

ডিজিটেল ডেস্কঃ ২০০৫ চনত তেলৰ খুচুৰা বজাৰখনত ৰিলায়েন্সৰ অংশীদাৰিত্ব আছিল প্রায় ১২ শতাংশ। কিন্তু ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰ ফালৰ পৰা ৰাজসাহায্যযুক্ত তেল বিক্ৰী কৰাৰ বাবে ২০১৪ চনত কোম্পানীটোৰ বজাৰ অংশীদাৰিত্ব ০.৫ শতাংশলৈ হ্রাস পায়। এতিয়া আকৌ ৰিলায়েন্সে ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহক প্ৰত্যাহ্বান জনাবলৈ নতুনকৈ পেট্রল পাম্প খােলাৰ বাবে সাজু হৈছে। ব্রিটিছ অইল কোম্পানী বিপি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্রিজে ভাৰতত আগন্তুক তিনি বছৰৰ ভিতৰত নতুনকৈ ২০০০ৰাে অধিক পেট্রল পাম্প খােলাৰ আঁচনি হাতত লৈছে। সংবাদ মাধ্যমত প্রকাশ পােৱা মতে দুয়ােটা কোম্পানীয়ে আৰম্ভ কৰিবলগীয়া এই ব্যৱসায়ৰ কোনটো কোম্পানীৰ কিমান অংশীদাৰিত্ব হ’ব, সেই বিষয়ে প্রকাশ কৰা নাই।

ভাৰতত ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ ইতিমধ্যে ১,৩৪৩টা পেট্রল পাম্প চলি আছে। তেনেকৈ ব্রিটিছ অইল কোম্পানী বিপিয়ে ভাৰতত ২০১৬ অক্টোবৰত ৩,৫০০টা খুচুৰা আউটলেট খােলাৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে। উল্লেখ্য যে ভাৰত হ’ল বিশ্বৰ ভিতৰত এনে এখন বজাৰ, যিখন বজাৰত তেলৰ চাহিদা দিনে দিনে বাঢ়ি গৈ আছে। হয়তাে ইয়াৰ বাবে ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহেও পেট্র’ল পাম্প খােলাৰ বাবে আগ্ৰহী হৈ পৰিছে। ভাৰতত তেলৰ খুচুৰা ব্যৱসায় বর্তমানলৈ ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰ অধীনত চলি আছে। আনহাতে ব্রিটিছ অইল কোম্পানী বিপি তেলৰ খনন আৰু উৎপাদনৰ ক্ষেত্ৰত ইতিমধ্যে অংশীদাৰিত্ব আছে ৰিলায়েন্সৰ।

২০১১ চনৰ ফেব্ৰুৱাৰীত লণ্ডনৰ এই তেল কোম্পানীটোৱে ৰিলায়েন্সৰ তেলৰ আৰু গেছ উৎপাদনৰ ক্ষেত্ৰত ৩০ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণ কৰিছে। ইয়াৰ বাহিৰেও দুয়ােটা কোম্পানীয়ে ইণ্ডিয়া গেছ ছলিউচন প্রাইভেট লিমিটেডৰ সৈতে অংশীদাৰিত্বৰ চুক্তি কৰিছে। এই কোম্পানীটোৱে ভাৰতত গেছ ক্ৰয় আৰু তাৰ ব্যৱসায়ৰ কাম কৰি আছে। সংবাদ মাধ্যমত প্ৰকাশ পােৱা মতে ২০০৫ চনত ভাৰতত খুচুৰা তেলৰ বজাৰখনত ৰিলায়েন্সৰ অংশীদাৰিত্ব আছিল ১২ শতাংশ। কিন্তু ৰাজহুৱা খণ্ডৰ কোম্পানীটোৱে ৰাজসাহায্য আগবঢ়োৱাৰ বাবে ২০১৪ চনত ৰিলায়েন্সৰ অংশীদাৰিত্ব হ্রাস পায় ০.৫ শতাংশলৈ। ইয়াৰ বাবে কোম্পানীটোৱে অধিকাংশ পেট্রল পাম্প বন্ধ কৰি দিছে। ইফালে, ২০১০জুন আৰু ২০১৪ চনৰ অক্টোবৰত তেলৰমূল্য সম্পূৰ্ণৰূপে বজাৰৰ অধীনত সিদ্ধান্ত লােৱাৰ পাছত ৰিলায়েন্সে পুনৰ কোম্পানীটোৰ পুৰণি ব্যৱসায় আৰম্ভ কৰে।