শেহতীয়া খবৰ
Home / আঞ্চলিক / অভিনেত্ৰী নিশিতা গোস্বামীয়ে মুকলি কৰিলে পকো এফ-১ স্মাৰ্টফোন

অভিনেত্ৰী নিশিতা গোস্বামীয়ে মুকলি কৰিলে পকো এফ-১ স্মাৰ্টফোন

ডিজিটেল ডেস্ক, গুৱাহাটীঃ জনপ্ৰিয় ম’বাইল নিৰ্মাতা প্ৰতিষ্ঠান চাঅ’মিয়ে গ্ৰাহকৰ বাবে মুকলি কৰিলে প’কো এফ-১ স্মাৰ্ট ফোন। মহানগৰীৰ লাচিত নগৰস্থিত আগশাৰীৰ ম’বাইল শ্ব’ৰুম ইন-টাচ্ছে আজি আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমীয়া ছবিৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীয়ে চাঅ’মিৰ শেহতীয়া নতুন স্মাৰ্ট ফোন প’কো এফ-১ আনুষ্ঠানিকভাৱে মুকলি কৰে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে এম আই ষ্টোৰ পৰিচালক সুনীল বাবী, চাঅ’মিৰ আঞ্চলিক প্ৰবন্ধক অমিতাভ বিশ্বাস। প’কো এফ-১ আকৰ্ষণীয় ৰূপত আৰু অত্যাধুনিক ক্ষমতাসম্পন্ন প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে।

উল্লেখ্য যে মহানগৰীৰ জনপ্ৰিয় ম’বাইল শ্ব’ৰুম ইন-টাচ্ছত এম আই, এপল, ছেমছাং, ভিভো, অ’প্পোকে ধৰি বিভিন্ন ধৰণৰ ব্ৰেণ্ডৰ ম’বাইল উপলব্ধ হোৱাৰ লগতে সকলো ধৰণৰ আগশাৰীৰ ম’বাইলৰ সা-সৰঞ্জাম উপলব্ধ হৈছে। ইন-টাচ্ছ শ্ব’ৰুমৰ সঞ্চালক পংকজ সুৰানাই কয়– ‘চাঅ’মিৰ ফ্লেগশ্বিপ স্মাৰ্ট ফোন প’কো এফ-১ মুকলি কৰিবলৈ পাই গৌৰৱান্বিত হৈছো। প’কো এফ-১ সকলো গ্ৰাহকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব। প’কো এফ-১ স্মাৰ্ট ফোনটো দ্বৈত ছিমযুক্ত হোৱাৰ লগতে সকলোধৰণৰ অত্যাধুনিক সুবিধা উপলব্ধ কৰা হৈছে।’ একেদৰে প’কো এফ-১ স্মাৰ্ট ফোনত ৬ জিবিৰ পৰা ৮ জিবি ৰেম সংযোজন কৰাৰ লগতে ৬৪ জিবিৰ পৰা ১২৮ জিবি, ২৫৬ জিবিলৈকে বহন ক্ষমতা থাকিব। ৪০০০ এম এ এইচ ক্ষমতাৰ বেটাৰী সংযোজন কৰা হৈছে। এনেধৰণৰ অত্যাধুনিক সেৱাৰে নিৰ্মাণ কৰা এই প’কো এফ-১ স্মাৰ্ট ফোনটোৱে সকলো শ্ৰেণীৰ গ্ৰাহকৰে প্ৰয়োজনীয়তা পূৰাব পাৰিব বুলি ইন-টাচ্ছৰ স্বত্বাধিকাৰীয়ে আশা প্ৰকাশ কৰে।