শেহতীয়া খবৰ
Home / ক্ৰীড়া / হৰদত্ত-বীৰদত্ত সোঁৱৰণী ফুটবলত অসম পুলিচ ব্লুছৰ খিতাপ অৰ্জন

হৰদত্ত-বীৰদত্ত সোঁৱৰণী ফুটবলত অসম পুলিচ ব্লুছৰ খিতাপ অৰ্জন

গণ বাৰ্তা, ৰঙিয়াঃ হৰদত্ত আৰু বীৰদত্তৰ সোঁৱৰণত ৰঙিয়াত আয়োজিত দিবা-নৈশ আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাত অসম পুলিচ ব্লুছে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কালি নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেল খেলখনত অসম পুলিচ ব্লুছে ভূটানৰ হায়না ক্লাবক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। আটকধুনীয়াকৈ সজাই তোলা খেলপথাৰখনত আড়ম্বৰপূৰ্ণ পৰিৱেশত অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে ফাইনেল খেলখন উদ্বোধন কৰে। তুমুল প্ৰতিদ্বন্দ্বিতামূলক খেলখন পৰিচালনা কৰে ৰেফাৰী দুলু তালুকদাৰে। তেওঁক লাইনত সহায় কৰে ৰেফাৰী ধ্ৰুৱজ্যোতি কলিতা আৰু পৰহেদ আলীয়ে। চতুৰ্থ ৰেফাৰী হিচাপে থাকে নছিউৰ ৰহমান। খেলৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপৰি মন্ত্ৰী ভৱেশ কলিতা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তকে ধৰি বহু গণ্যমান্য লোক উপস্থিত থাকে ।

ফাইনেল খেল উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ক্ৰীড়াৰ জৰিয়তে আমাৰ ৰাজ্যখনে শেহতীয়াকৈ বিশ্বৰ দৰবাৰত জিলিকি উঠাবলৈ সক্ষম হৈছে । বিশ্বমানৰ খেলুৱৈ সৃষ্টিত ৰঙিয়াৰ এই খেলখনৰ দৰে প্ৰতিযোগিতাসমূহে প্ৰভূত অৰিহণা যোগাব পাৰে। পাটোৱাৰীয়ে ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ফুটবল প্ৰতিযোগিতাখনে অদূৰ ভৱিষ্যতে যাতে সৰ্বভাৰতীয় স্বীকৃতি লাভ কৰিব পাৰে, তাৰবাবে প্ৰচেষ্টা হাতত ল’বলৈ উদ্যোক্তাসকললৈ আহ্বান জনায়।  খেলৰ শেষত বিজয়ী আৰু বিজিত দলক ট্ৰফীসমূহ প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দল দুটাক হৰদত্ত-বীৰদত্ত ট্ৰফীৰ লগতে ক্ৰমে নগদ ৩১ হাজাৰ টকা আৰু ২১ হাজাৰ টকাৰ পুৰস্কাৰ ৰাশিও আগবঢ়োৱা হয়। প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে অসম পুলিচ ব্লুছৰ কুশ ৰাভা আৰু শ্ৰেষ্ঠ গ’লৰক্ষক হিচাপে হায়না দলৰ অমৰদ্বীপ বড়ো নিৰ্বাচিত হয়।