শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / #MeToo আন্দোলন

#MeToo আন্দোলন

জগতত নাৰী নিৰ্যাতন নতুন কথা নহয়। ইতিহাস আৰু আখ্যানত যথেষ্ট উদাহৰণ পোৱা যায়। বৰ্তমান যুগটো তেনেকুৱা নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহি থাকে। পূৰ্বৰ পৰাই একাংশ লোকে নাৰীক যৌনকাৰ্য্যত ব্যৱহাৰৰ প্ৰাণী বুলি জ্ঞান কৰি আহিছে বাবে তেওঁলোকে নাৰীক পুৰুষৰ সমমৰ্যদা দিবলৈ আগ্ৰহী নহয়। নাৰীক কেৱল পুৰুষৰ ভোগৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰাই তেওঁলোকৰ লক্ষ্য। নাৰীৰ ওপৰত অতদিনে চলি অহা যৌন নিৰ্য্যাতনৰ প্ৰতিবাদ একেবাৰে নহোৱা নহয় মাজে সময়ে বহুত সাহসী আৰু সৎ নাৰীয়ে তেওঁলোকৰ ওপৰত চলা অন্যৱস্থান নাৰীক ন্যায় দিয়াত বিফল হৈছে। বহুত ক্ষেত্ৰত নাৰীৰ অভিযোগবোৰক অসত্যৰ আখ্য দি ভুক্তভুগীক ন্যায়ৰ পৰা বঞ্চিত কৰা উদাহৰণ আছে। আনহাতে যৌন নিৰ্যাতনৰ বাবে ন্যায় পাবলৈ প্ৰক্ৰিয়াটো অতিকৈ কঠিন আৰু জটিল হোৱা বাবে বহুত ভুক্তভোগী নাৰীয়ে ন্যায় পোৱাৰ আশা ত্যাগ কৰি নীৰৱে দুখ-বেদনা সহ্য কৰাৰ অলেখ উদাহৰণ আছে। বৰ্তমান যুগত মতা-তিৰোতাৰ মাজত ব্যাৱধান হ্ৰাস পোৱাত আৰু মহিলা সৱলী কৰণৰ চৰকাৰী পদক্ষেপৰ বাবে বহুত মহিলায় যৌন নিৰ্যাতনৰ বিৰুদ্ধে মুকলিকৈ প্ৰতিবাদ কৰি  ন্যায় পোৱাৰ বাবে সংগ্ৰাম কৰি আছে। ‘Me too Movement’ নিৰ্য্যাতিত নুকহলা সকলৰ এক নতুন সংগ্ৰাম – যিসকলে ইমানদিনে সমাজত হেয় প্ৰতিপন্ন হোৱাৰ ভয়ত নিজৰ প্ৰতি হোৱা অন্যায় নীৰৱে সহ্য কৰি আছিল আজি তেওঁলোকে তেওঁলোকৰ দুখ-বেদনা মুকলিকৈ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে এই সংগ্ৰামৰ জৰিয়তে। অন্যায়ৰ প্ৰতিবাদ নকৰাটোক অন্যায়ক সমৰ্থন কৰাৰ দৰে যদিও গণ্য কৰা হয় তথাপি অসহায় একাংশ মহিলায় নিজৰ প্ৰতি হোৱা ঘোৰ অন্যায়ৰ বাবে মাত নমতাৰ বাবে ন্যায় প্ৰদানত প্ৰচলিত সমাজ ব্যৱস্থাৰ বিফলতাক বুজায়। গতিকে পাঠক সকলে মহিলাৰ প্ৰতি ন্যায় প্ৰদানত সংগ্ৰামত প্ৰতিজন বিবেকবান লোক অংশীদাৰ হোৱা উচিত বুলি আমি ভাবো।

মহিলা অবিহনে পুৰুষৰ অস্তিত্ব ভাবিৱ নোৱাৰি প্ৰতিজন পুৰুষৰ জন্ম মহিলাৰ গৰ্ভত হয়। প্ৰতিজন পুৰুষৰ ঘৰতে নিজৰ নিকট আত্মীয় মহিলাসকল  থকা সত্বেও কেনেকৈনো অইন মহিলাৰ প্ৰতি যৌন নিৰ্য্যাতন কৰিবলৈ উদ্যত হয় ভাবিলে আচৰিত যেন নালাগেনে ? যিসকক পুৰুষে মহিলাৰ প্ৰতি অশালীন ব্যৱহাৰ কৰে তেওঁলোক মানসিভাৱে সুস্থ্য হ’লে তেওঁলোক এবাৰো নিজৰ ঘৰত থকা মহিলালৰ কথা চিন্তা নকৰে। অইন কোনোবাই তেওঁলোকৰ ঘৰত থকা মহিলাৰ প্ৰতিও তেনেকুৱা অশোভনীয় আচৰণ নকৰিব জানো ? আৰু তেতিয়া সেই মহাপুৰুষসকলৰ অৱস্থা কেনেকুৱা হ’ব। সেয়ে অইন নহ’লেও নিজৰ ঘৰখনৰ কথা চিন্তা কৰি হ’লেও পুৰুষ সমাজে মহিলাৰ প্ৰতি চলি থকা অন্যায়ৰ প্ৰতিবাদ কৰিব লাগে। প্ৰতেকেই নিজৰ ঘৰখনৰ আত্মমৰ্য্যদা আৰু সমাজিক দায়বদ্ধতাৰ কথা চিন্তা কৰি মহিলাৰ এই সংগ্ৰামৰ অংশীদাৰ হোৱা দৰকাৰ বুলি আমি ভাবো। অতি সুক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰিলে দেখা যায় নে সমাজৰ প্ৰতিটো স্তৰতে নাৰীৰ উপৰত যৌন নিৰ্য্যাতন হয়। ধনী-দুখীয়া, উচ্চ-নীচ, শিক্ষানুষ্ঠান, ধৰ্মীয়নুষ্ঠান, চৰকাৰী কাৰ্য্যালয়, ব্যৱসায়স্থলী ইত্যাদি প্ৰায় সকলোতে বেমাৰটো কম-বেছি পৰিমানে বিদ্যামান যদিও কিছুমানৰ কথা পোহৰলৈ আহে আৰু আন একাংশৰ কথা পোহৰলৈ নহাত জনগন নজনাকৈ থাকে। কথা হ’ল মত যি হয় হৈ থাকক কিন্তু একাংশ লোক আৰু কিছুমান পবিত্ৰ স্থলত এনেকুৱা দুস্কাৰ্ৎ হোৱাটো কোনো কাৰণতে সমৰ্থন যোগ্য হ’ব নোৱাৰে। উচ্চস্থান দখল কৰা লোকসকল এনেকুৱা অপকৰ্মত জৰিত হ’লে তাৰ উচিত বিচাৰ হোৱা দৰকাৰ। বিষয়বস্তুটো সংস্কামক ধৰণৰ। গতিকে যিকোনো উপায়ে এনে অপকৰ্মবোৰ ৰোধ কৰিব নোৱাৰিলে সমাজত ব্যাপক ক্ষতি হোৱাটো নিশ্চিত।

বৰ্তমান সময়ত সামাজিক প্ৰচাৰ (ছোছিয়েল মিডিয়া) মাধ্যমৰ জৰিয়তে ভুক্তভোগীয়ে আনৰ সহায় নলোৱাকৈ সমাজত নিজৰ প্ৰতি হোৱা অন্যায়ৰ বিষয়টোক সঠিকভাৱে ব্যাখ্যা কৰি বিবেকবান লোকৰ সমৰ্থন আদায় কৰিবলৈ সমৰ্থ হৈছে। এই ক্ষেত্ৰত প্ৰশাসনে সঠিক সময়ত সঠিক পদক্ষেপ নললে ভুক্তভোগীয়ে ন্যায় পোৱাৰ আশা ক্ষীণ। গতিকে বিবে কবান লোকসকলে কথাটো গুৰুত্ব সহকাৰে বিবেচনা কৰি ভুক্তভোগীক সহায়ৰ হাত আগবঢ়ালেহে বিবেচনা কৰি ভুক্তভোগীক ন্যায় প্ৰদানত সহজ হ’ব।

আচলতে ‘Me too Movement’ হোৱা বছৰ আমেৰিকাৰ হলিউডত আৰম্ভ হৈছিল। প্ৰচাৰ মাধ্যমৰ সংবাদমতে হলিউডৰ এজন অতি সন্মানীয় নামজলা পৰিচালকৰ বিৰুদ্ধে এগৰাকী মহিলা সহকৰ্মীয়ে যৌন নিয্যাতনৰ অভিযোগ উত্থাপন কৰাৰ লগে লগে অনেক মহিলাৰ প্ৰতি উক্ত পৰিচালকজনে যৌন নিৰ্যাতন কৰাৰ অভিযোগ ভুক্তভোগীসকলে উত্থাপন কৰিছিল, লগে লগে বহুত মহিলাৰ প্ৰতি হোৱা তেনেকুৱা ধৰণৰ অন্যায়ৰ বাতৰি ৰাজহুৱা হ’বলৈ ধৰে। অকল চলচ্চিত্ৰ জগততে নহয়– সমাজৰ বহুত ঠাইত তেনেকুৱা অন্যায় হোৱাৰ বাতৰি পোহৰলৈ অহা আৰম্ভ হয়। হলিউডৰ দৰে ভাৰতৰ বলিউডৰ লগতে আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰসমূহতো যৌন নিৰ্যাতনৰ বাতৰি ৰাজহুৱা হ’বলৈ ধৰিলে। নামী-দামী-যশস্বী অনেক বলিউডৰ অভিনেতাৰ বিৰুদ্ধে মহিলা সহকৰ্মীয়ে যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰাত বৰ্তমান বলিউডক আদি কৰি দেশৰ আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰসমূহত বিষয়টো সৰব চৰ্চাৰ বিষয় হৈ পৰিছে। উল্লেখযোগ্য যে পূৰ্বৰ খ্যাতনামা পত্ৰকাৰ বৰ্তমান দেশৰ ৰাজ্যিক পৰিক্ৰমা মন্ত্ৰী এম জে আকবৰৰ বিৰুদ্ধেও একাধিক মহিলা সাংবাদিক, প্ৰাক্তন সহকৰ্মীয়ে যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰাত ভাৰত চৰকাৰ এক অস্বস্তিকৰ পৰিৱেশৰ সন্মুখীন হৈছে। কথা হ’ল, মহিলাৰ প্ৰতি যৌন নিৰ্যাতনৰ প্ৰতিটো অভিযোগ নিৰপেক্ষভাৱে তদন্ত কৰি অভিযুক্তক আইনমতে শাস্তি দিব পাৰিলেহে ভুক্তভোগীৰ প্ৰতি ন্যায় প্ৰদান কৰা হ’ব। আমি লক্ষ্য কৰিছো যে বৰ্তমানলৈ উত্থাপিত যৌন নিৰ্যাতনৰ প্ৰায়বোৰ অভিযোগেই তদন্ত হৈ আছে আৰু তেনেকুৱা তদন্তৰ ভিত্তিতে কিছু লোকক শাস্তি দিবলৈ প্ৰশাসন সফল হৈছে। ধৰ্মগুৰু, ৰাজনৈতিক নেতা আৰু আন উচ্চ পদবীধাৰী লোকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগবোৰ নিৰ্ধাৰিত সময়ৰ ভিতৰতে তদন্ত হৈ বিচাৰ প্ৰক্ৰিয়া সমাপ্ত হ’লেহে আইন আৰু প্ৰশাসনৰ ওপৰত জনগণৰ আস্থা অটুট থাকিব। মুঠতে মহিলাৰ প্ৰতি হোৱা প্ৰতিটো অন্যায়ৰ অভিযোগ অতি গুৰুত্ব সহকাৰে বিবেচনা কৰি প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ দৰকাৰ আছে।

আনফালে দুষ্ট চক্ৰই যাতে যশস্বী লোকৰ বিৰুদ্ধে মিছা অভিযোগ আনি নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ অভিসন্ধি কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসন সতৰ্ক হোৱা দৰকাৰ। কাৰণ দোষীয়ে যেনেকৈ শাস্তি পোৱা দৰকাৰ, ঠিক তেনেকৈ নিৰ্দোষীয়ে প্ৰশাসনৰ পৰা সুৰক্ষা পোৱাৰ দৰকাৰ আছে। সেয়ে, দোষীক কৰায়ত্ত কৰিবলৈ গৈ যাতে কোনো নিৰ্দোষী লোকে হাৰাশাস্তি হ’বলগীয়া নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰখা দৰকাৰ আছে।

ফোন – ৯৮৫৪০-৯০৬৮১