শেহতীয়া খবৰ
Home / আঞ্চলিক / বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক

বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক

ডিজিটেল ডেস্ক, দিছপুৰঃ ভাৰতস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ড° শ্বাহ মহম্মদ তনবিৰ মনছুৰে আজি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক মুখ্যমন্ত্রী কার্যালয় কক্ষত সাক্ষাৎ কৰি পৰস্পৰ স্বার্থ জড়িত বিষয় সম্বন্ধে বিস্তৃতভাৱে আলােচনা কৰে। আলােচনা কালত দুয়ােগৰাকী নেতাই অসম আৰু বাংলাদেশৰ জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পর্ক অধিক শক্তিশালী কৰাৰ দিশত আৰু অধিক পদক্ষেপ লােৱাৰ পােষকতা কৰে।

প্রায় আধাঘন্টা ধৰি চলা আলােচনাৰ সময়ত দুয়ােগৰাকী নেতাই ছাত্র-ছাত্রী আৰু শিক্ষাৰ লগত জড়িত থকা ব্যক্তিৰ মত বিনিময় কার্যসূচী সহ দুয়ােটা ভৌগােলিক অঞ্চলৰ জনসাধাৰণৰ মাজত আৰু অধিক মত বিনিময়ৰ কাৰ্যসূচী গ্রহণৰাে পােষকতা কৰে। দুয়ােটা ভৌগােলিক অঞ্চলৰ বিশ্ববিদ্যালয় সমূহৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰৰে বিদ্যায়তনিক দিশৰ মত বিনিময়ৰ কাৰ্যসূচী শক্তিশালী কৰাৰ ওপৰতাে দুয়ােগৰাকী নেতাই গুৰুত্ব আৰােপ কৰে। বাংলাদেশৰ সংস্কৃতিত অসমৰ সংস্কৃতিৰ প্ৰভাৱ আছে বুলি উল্লেখ কৰি বাংলাদেশৰ উচ্চায়ুক্ত গৰাকীয়ে দুয়ােটা ভৌগােলিক এলেকাৰ পাৰস্পৰিক লাভালাভৰ বাবে উভয়ে উভয়ক সহায়-সহযােগিতা আগবঢ়াব লাগিব বুলিও কয়।

বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত গৰাকীয়ে অহা ১৬ ডিচেম্বৰত বাংলাদেশৰ বিজয় দিৱস উদ্যাপন অনুষ্ঠানত অংশ গ্রহণ কৰাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক আমন্ত্রণ জনায়। অসম আৰু বাংলাদেশৰ মাজৰ বাণিজ্যিক সম্পর্ক আৰু অধিক সুদৃঢ়কৰণৰ ওপৰত গুৰুত্ব আৰােপ কৰি গুৱাহাটী আৰু বাংলাদেশৰ মাজত প্রত্যক্ষ বিমান সেৱা আৰম্ভণৰ বিষয়টোও আলােচনাকালত গুৰুত্ব লাভ কৰে।

আজিৰ এই আলােচনাৰ সময়ত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী, মুখ্যমন্ত্ৰীৰ প্রধান সচিব সঞ্জয় লােহিয়া, পৰিবহন বিভাগৰ আয়ুক্ত সচিব আশুতােষ অগ্নিহােত্রী, ফ্রেণ্ডছ অৱ বাংলাদেশৰ উপাধ্যক্ষ বিভূতি দত্ত, সম্পাদক ড° সৌমেন ভাড়াতীয়া, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকে।