শেহতীয়া খবৰ
Home / আঞ্চলিক / গৰৈমাৰীৰ চাম্পুপাৰা তামুলদিৰ কলহী নদীত বিশাল নাও খেল প্ৰতিযোগিতা

গৰৈমাৰীৰ চাম্পুপাৰা তামুলদিৰ কলহী নদীত বিশাল নাও খেল প্ৰতিযোগিতা

গণ বাৰ্তা গৰৈমাৰীঃ  দক্ষিণ কামৰূপৰ ছয়গাঁৱ সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ  চাম্পুপাৰাত ২৪ অক্টোবৰৰ পৰা দুদিনীয়াকৈ কলহী নৈত নাওঁ খেল প্ৰতিযোগিতা আয়োজন কৰা হয়। চাম্পুপাৰাৰ তামুলদি আঞ্চলিক কলহী ভেলীৰ উদ্যোগত অনুষ্ঠিত থলুৱা অসমীয়া মুছলমান সকলৰ ঐতিহ্যমণ্ডিত নাওঁ খেল প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ১৪ খনকৈ প্ৰতিযোগী নাওঁৱে এই আলোৰণ পূৰ্ণ খেলত অংশ গ্ৰহণ কৰে। এই নাওঁ খেল চাবলৈ বিভিন্ন এলেকাৰ পৰা কলহী নৈৰ দুয়ো কাষে অগনন লোকৰ সমাগম ঘটে।উক্ত নাও খেল খনৰ শুভ উদ্বোধন কৰে অসম খাদী বৰ্ডৰ অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতাই। দুদিনীয়াকৈ চলি অহা নাওঁ খেলৰ চুড়ান্ত প্ৰতিযোগিতাত বকোৰ ডেকাচাং গাৱৰ “জয়জননী” নাওঁ খনে প্ৰথম স্থান আৰু চাম্পুপাৰা গাঁৱৰ ‘মা নবিৰণ’ নাওখনে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। ইফালে তৃতীয় স্থান লাভ কৰে বৰভিঠাৰ ‘জলপৰী’ নাওখনে। এই নাওখেলৰ প্ৰথম পুৰস্কাৰ হিচাপে বাজাজ পালচাৰ ১৫০ আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে হিৰো গ্লেমাৰ গাড়ী এখন আৰু  তৃতীয় পুৰস্কাৰ হিচাপে এলচিডি টিভি এটা আছিল। উক্ত নাও খেল খনে গৰৈমাৰী সোনতলী অঞ্চলৰ দৰ্শক সকলক বেছ আমোদৰ খোৰাক যোগাইছে।