শেহতীয়া খবৰ
Home / ক্ৰীড়া / গােৱাৰ লজ্জাৰ পাছত আজি ঘৰত মুম্বাই দলে খেলিব দিল্লীৰ বিৰুদ্ধে

গােৱাৰ লজ্জাৰ পাছত আজি ঘৰত মুম্বাই দলে খেলিব দিল্লীৰ বিৰুদ্ধে

ডিজিটেল ডেস্ক, মুম্বাইঃ চলিত পঞ্চম হিৰৰ ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ফুটবল প্রতিযােগিতাৰ কাইলৈ মুম্বাই ফুটবল এৰিনাত অনুষ্ঠিত হ’ব লগা মেচত ঘৰুৱা দল মুম্বাই চিটী এফ চি মুখামুখি হ’ব দিল্লী ডাইনামােছ এফ চি দলৰ বিৰুদ্ধে। উল্লেখ্য যে উভয় দলে কাইলৈ লীগত পঞ্চম মেচখন খেলিব।
গৃহভূমিত খেলি ছিজনৰ আৰম্ভণি কৰা মুম্বাই চিটী দলে এইবাৰ প্রথম মেচতেই জামছেদপুৰৰ বিৰুদ্ধে পৰাস্ত হয়। কিন্তু দ্বিতীয়খন মেচ কোচিত কেৰালাৰ বিৰুদ্ধে ড্র খেলি প্রথম পইন্ট লাভ কৰে। পৰৱর্তী মেচখন দলে পুনৰ ঘৰত খেলে আৰু শক্তিশালী পুনে চিটীক পৰাস্ত কৰি প্রথম জয়ৰ সফলতা অর্জন কৰে। এই সাফল্যই মুম্বাইক আত্মবিশ্বাসী কৰে যদিও অন্তিম মেচত গােৱাৰ বিৰুদ্ধে দল বিধ্বস্ত হয়।
স্মর্তব্য যে গােৱাত ৫-০ ৰ পৰাজয়ে মুম্বাই চিটীক স্বাভাৱিকতে মানসিকভাবে দুর্বল কৰি পেলাইছে। কাইলৈ ঘৰত খেলিব লগা মেচখন দলৰ বাবে আত্মবিশ্বাস ঘুৰাই অনাৰ সুযােগ যদিও মানসিক চাপত আবৃত ঘৰুৱা দলটো। উল্লেখ্য যে চাৰিখন মেচৰ পৰা মুম্বাই চিটীয়ে চাৰি পইন্ট লাভ কৰিছে।
ইফালে, দিল্লী ডাইনামােছৰাে একেই কাহিনী। চৰিখন মেচ খেলাৰ পাছতাে দলে জয়ৰ সােৱাদ পােৱা নাই। ইয়াৰে তিনিখন মেচ ঘৰতেই খেলা দিল্লীয়ে তিনি পইণ্টহে লাভ কৰিবলৈ সক্ষম হৈছে। গৃহভূমিত পুনে চিটীৰ বিৰুদ্ধে ড্র খেলা দলে ঘৰত খেলা দ্বিতীয় মেচত এ টি কেৰ হাতত পৰাস্ত হয়। কোচিত কেলাৰ বিৰুদ্ধে পুনৰ ড্র খেলাৰ পাছত ঘৰত চেন্নাইয়ানৰ বিৰুদ্ধে ড্র খেলি মুম্বাইলৈ আহিছে দিল্লী।
আই এছ এল ইতিহাসত এই দুই দলে এতিয়ালৈকে খেলা আঠ খন মেচৰ তিনিখনত মুম্বাই চিটীয়ে জয় হােৱাৰ বিপৰীতে দিল্লী দলে দুখনত সফলতা লাভ কৰিছে। আনহাতে, তিনিখন মেচ ড্র হয়। লক্ষ্যনীয় দিশতাে হ’ল কোনাে এটা দলে বিপক্ষৰ ঘৰত জয়ৰ সফলতা আজিলৈকে পােৱা নাই।
কাইলৈৰ মেচ সম্পৰ্কত মুম্বাই চিটীৰ পর্তুগীজ প্রশিক্ষক জর্জ ক’ষ্টাই কয়, ‘সফলতাৰ বাবে কৰ্ম, নিজে কৰা সেই কাম আৰু সমর্থকক খেলুৱৈয়ে শ্রদ্ধা কৰিব লাগিব। যােৱা মেচত সেয়া নহ’ল। আমি গােৱাক মেচ এৰি দিছিলাে। পেছাদাৰী ফুটবলাৰে সেয়া কেতিয়াও নকৰে। মই ৫-০ ৰ পৰাজয়ৰ বাবে দুখিত নহয়। কিন্তু অন্তিম ১৫ মিনিটত আমাৰ খেলুৱৈয়ে অপেক্ষা কৰিছিল মেচ কেতিয়া শেষ হ’ব। কোনােৱে দৌৰা নাছিল। খেলত মনােযােগ দিয়া নাছিল। এয়া এক নভবা ঘটনা।
ইফালে, দিল্লীৰ সহ প্রশিক্ষক মৃদুল বেনাৰ্জীয়ে কয়, মুম্বাইৰ যােৱা মেচৰ ব্যর্থতা কাইলৈৰ খেলত প্রভাব নপৰে। এটা নতুন দিনত এখন নতুন খেল হ’ব। আমি ভাল খেলিছাে আৰু গ’লৰ সুযােগাে সৃষ্টি কৰিছাে। কিন্তু গ’ল কৰিব পৰা নাই। এখন-দুখন মেচৰ পাছত এই সমস্যাৰ সমাধান হ’ব।