শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / বিশ্ব বিখ্যাত আইৰিচ কণ্ঠশিল্পীয়ে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম

বিশ্ব বিখ্যাত আইৰিচ কণ্ঠশিল্পীয়ে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম

ডিজিটেল ডেস্কঃ ‘নাথিং কম্পেয়াৰ টু ইউ’ শীৰ্ষক গীতেৰে জনপ্ৰিয়তা অৰ্জন কৰা আইৰিচ কণ্ঠশিল্পী শিনাড অ’কন্নৰে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে৷ তেওঁয়েই বিশ্বৰ একমাত্ৰ কণ্ঠশিল্পী যি গৰাকীয়ে গ্ৰেমী বঁটা প্ৰত্যাখান কৰা কৰিছিল৷ ১৯ অক্টোবৰ তাৰিখে বিশ্ব বিখ্যাত কণ্ঠ শিল্পী গৰাকীয়ে টুইটাৰ যোগে ঘোষণা কৰি কয় যে, ‘মই গৌৰবান্বিত যে মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছো৷’ লগতে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত নিজৰ নিজৰ নামৰ বিষয়েওঁ টুইটাৰ যোগে জনায়৷ ইছলাম ধৰ্ম গ্ৰহণ কৰি তেওঁ নিজৰ নাম ৰাখিছে- শ্বুহাদা৷