শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / দেওবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

দেওবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

ডিজিটেল ডেস্কঃ দেওবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লত হ্ৰাস পালে ৪০ পইচা।ৰাজধানী চহৰখনত ডিজেলত প্ৰতি লিটাৰত হ্ৰাস পালে ৩৩ পইচাকৈ। দেওবাৰৰ দিনা দিল্লীত পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত ক্ৰমে ৮০.০৫ টকা আৰু ৭৪.০৫ টকা। মুম্বাইতো পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত ক্ৰমে ৩৯ পইচা আৰু ৩৫ পইচাকৈ হ্ৰাস।

গুৱাহাটীতো দেওবাৰে পেট্ৰ’লত ৪১ পইচা আৰু ডিজেলত ৩৫ পইচা হ্ৰাস পাইছে। গুৱাহাটী-দেওবাৰে পেট্ৰ’ল ৭৯.৮৭ প্ৰতি লিটাৰ আৰু ডিজেল ৭৪.৯৩ হয়। শনিবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’ল, ডিজেলৰ মূল্য আছিল ক্ৰমে ৮০.২৮ টকা আৰু ৭৫.২৮ টকা প্ৰতি লিটাৰ।