শেহতীয়া খবৰ
Home / আঞ্চলিক / অসমীয়া জাতীয় সাজপাৰক বিশ্ব দৰবাৰলৈ নিয়াৰ অনবদ্য প্ৰয়াস যোৰহাটৰ ছাত্ৰী মৃনালীৰঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ত সমাদৰ

অসমীয়া জাতীয় সাজপাৰক বিশ্ব দৰবাৰলৈ নিয়াৰ অনবদ্য প্ৰয়াস যোৰহাটৰ ছাত্ৰী মৃনালীৰঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ত সমাদৰ

শুভাশীষ শৰ্মা, যোৰহাটঃ অসমীয়া মহিলাৰ তাতৰ শালত সপোনে বাস্তৱ ৰূপ পাই। অসমৰ পাট মূগাৰ কাপোৰে দেশত এক সুকীয়া স্থান লাভ কৰি থকাৰ মাজতে অসমীয়া থলুৱা কৃষ্টি সংস্কৃতিৰ প্ৰতীক স্বৰূপ কাপোৰত তুলি ধৰি বিগত কেইবা বৰ্ষৰ পৰা জাতীয় সাজপাৰক আন এক মাত্ৰা প্ৰদান কৰি বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াসত ব্যস্ত হৈ আছে সাংস্কৃতিক ৰাজধানী খ্যাত যোৰহাটৰ এগৰাকী মেধাৱী ছাত্ৰী। যোৰহাটৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা চলিত বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা যোৰহাটৰ হাতীচুঙী অঞ্চলৰ শিপিনী হিচাপে সুকীয়া চিনাকি থকা নিলীমা ৰাজকুমাৰী আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী দিলীপ ৰাজকুমাৰৰ কণ্যা মৃনালী ৰাজকুমাৰীয়ে তাত শালৰ জড়িয়তে জাতীয় সাজপাৰক দিছে অনন্য ৰূপ। অতি সৰুৰে পৰা সাজপাৰৰ প্ৰতি সুকীয়া দৃষ্টি ভংগী ৰখা মৃনালীয়ে ইতিমধ্যে নিজৰ হাতেৰে প্ৰস্তুত কৰা সাজপাৰৰ সৈতে অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়ত পঢ়ি থকা সময়তে অনুষ্ঠিত এই অনুষ্ঠানত মৃনালীয়ে  অসমীয়া থলুৱা সংস্কৃতি পাট মূগাৰ কাপোৰত জীৱিত কৰি তুলিছিল।

সম্প্ৰতি স্থানীয় ১৫ গৰাকী মহিলাক কৰ্ম সংস্থাপন প্ৰদান কৰি ১০ খন তাত শাল লৈ এক হস্ত তাত উদ্যোগ গঢ় দিবলৈ সক্ষম হৈছে মৃনালীয়ে  সৰুতে মাকক তাত শালত কাপোৰ বোৱা প্ৰত্যক্ষ কৰি তাত শালৰ প্ৰতি আকৃষ্ট হোৱা মৃনালীয়ে প্ৰথম অৱস্থাত নিজৰ কাপোৰ বোৰ নিজৰ পচন্দ অনুসৰি প্ৰস্তুত কৰিছিল। অধ্যয়নৰ সমান্তৰাল ভাৱে নিজকে এগৰাকী ডিজাইনাৰ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা অব্যাহত ৰখা ছাত্ৰী গৰাকীক প্ৰতি খোজত সহায় কৰিছিল বায়েক কাকলী ৰাজকুমাৰীয়ে। পৰবৰ্তী পৰ্য্যায়ত নিজৰ সাজপাৰ লৈ কেইবাবাৰো আন্ত: ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰদৰ্শনী অনুষ্ঠিত কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এনে প্ৰদৰ্শনীৰ পিছতে মৃনালিনীৰ সৃষ্টি, কৰ্মদক্ষতাৰ বাবেই অসমীয়া জাতীয় সাজপাৰৰ নতুন ৰূপ দিল্লী কাশ্মীৰৰ লগতে দেশৰ আন কেইবাখনো ৰাজ্যলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। নৱপ্ৰজন্মৰ জাতীয় সাজপাৰৰ প্ৰতি  দেখিবলৈ পোৱা অনীহা আৰু পশ্চিমীয়া সংস্কৃতিৰ মোহৰ বিপৰীতে মৃনালীয়ে এই চেষ্টা সচাই প্ৰশংসনীয়। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা, বাণিজ্যিক প্ৰদৰ্শনী আৰু সাজপাৰ প্ৰদৰ্শনীৰ জড়িয়তে সম্প্ৰতি মৃনালীয়ে এক চিনাকি নাম হৈ পৰিছে সকলোৰে বাবে। জাতীয় সাজপাৰক লৈ গৌৰম্বান্বিত মৃনালীয়ে সাজপাৰ সম্পৰ্কে মন্তব্য কৰি কয় যে অসমৰ পাট মূগাৰ কাপোৰৰ এক স্বকীয় বৈশিষ্টতা আৰু পৰিচয় আছে দেশত। তাত শালত বোৱা কাপোৰত আধুনিক সময়ৰ লগত খাপ খুৱাই বিভিন্ন ধৰনৰ ফুলৰ লগতে গছ গছনি, অসমীয়া জাতীয় জীৱন, থলুৱা বাদ্য আদি  প্ৰতিফলিত কৰি প্ৰস্তুত কৰা কাপোৰক সম্প্ৰতি সকলোৱে আদৰি লৈছে। এই ক্ষেত্ৰত চৰকাৰৰ সহায় প্ৰয়োজন বুলি মন্তব্য কৰি মৃনালীয়ে কয় এতিয়াও শতাধিক মহিলাই তাত বোৱা শিকিবলৈ যোগাযোগ কৰি আছে যদিও পৰ্য্যাপ্ত সুবিধাৰ অভাৱত সেয়া সম্ভৱ হৈ উঠা নাই। এক উচ্চ পৰ্য্যায়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে এই শিপিনী সকলে সাজপাৰৰ ক্ষেত্ৰত বিপ্লৱৰ সুচনা কৰিব পাৰিব বুলি মন্তব্য কৰে। এই ক্ষেত্ৰত মৃনালীয়ে  আৰু তেওঁৰ মাতৃয়ে নিজাববীয়াকৈ এক প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে বুলিও জানিব দিয়ে। এটা বিশিষ্ট ধাৰা মানি চলা মৃনালীয়ে আৰু হস্ত তাত উদ্যোগৰ শিপিনী সকলে ইতিমধ্যে হেৰাই যোৱাৰ উপক্ৰম হোৱা থলুৱা সম্পদ সমূহ কাপোৰ বোৰত প্ৰতিফলিত কৰি আহিছে।