শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / গুজৰাটত উন্মোচন হ’ল বিশ্বৰ সৰ্বোচ্চ চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি

গুজৰাটত উন্মোচন হ’ল বিশ্বৰ সৰ্বোচ্চ চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ হাতেৰে উন্মোচিত হ’ল ষ্টাচু অব ইউনিটি৷ গুজৰাটৰ নৰ্মাদা জিলাৰ কেউৰিয়াত বুধবাৰে চৰ্দাৰ বল্লভভাই পেটেলৰ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ মূৰ্তি উদ্ধোধন হয়৷ তেওঁৰ ১৪৩ তম জন্মদিন উপলক্ষে এই ১৮২ মিটাৰ উচ্চতাৰ মূৰ্তি তৈয়াৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষন কৰিলে কেন্দ্ৰীয় চৰকাৰে৷

এই মূৰ্তি উদ্ধোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ‘ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰিছে সমগ্ৰ দেশে৷ দেশৰ প্ৰতিটো কোণতে একতাৰ বাবে দৌৰিছে যুৱ সমাজ৷ আজিৰ এই দিনটো দেশৰ বাবে স্মৰণীয় দিন হৈ থাকিব৷ ইমান দিনে চৰ্দাৰ বল্লভভাই পেটেলক যোগ্য সন্মান দিয়া হোৱা নাছিলে৷ বৰ্তমান চৰকাৰ সেইটো কৰি দেখুৱাইছে আৰু ইতিহাস ৰচনা কৰিছে৷ চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি দেশবাসীক সমৰ্পন কৰি ভাল লাগিছে৷’