শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / গণতান্ত্ৰিক দেশত ডিটেনচন কেম্পৰ প্ৰয়োজনীয়তা কিমান ?

গণতান্ত্ৰিক দেশত ডিটেনচন কেম্পৰ প্ৰয়োজনীয়তা কিমান ?

কেইমাহমান আগতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ  এটা সুন্দৰ পদক্ষেপে পৃথিৱীৰ বিভিন্ন প্ৰান্তত কঠোৰ নিৰ্দেশ মৰ্মে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰা পৰিয়ালবোৰক ডিটেনচন কেম্পত বন্দী কৰাৰ লগতে শিশুসকলক নিজৰ নিজৰ পৰিয়ালৰ পৰা বিছিন্ন কৰি ৰখা হৈছিল। আঠমহীয়া শিশুৰ পৰা একবছৰ বয়সৰ শিশুকো নিজৰ মাতৃৰ পৰা পৃথক কৰি ৰখা কার্যক কেৱল ট্রাম্প বিৰােধীসকলেই নহয়, তেওঁৰ নিজ দলৰ বহু নেতায়াে সমালােচনা কৰিছে। আমেৰিকাৰ এই বাতৰি পঢ়াৰ সময়ত অসমৰ ডিটেনচন কেম্পৰ কথা মনলৈ আহিল। অসমত ৬টা ডিটেনচন কেম্পত তথাকথিত অবৈধ প্রব্রজনকাৰী বহুসংখ্যক পুৰুষ-মহিলা বন্দী হৈ আছে। সাধাৰণ নিয়মমতে এক আইনী প্রক্রিয়াৰ জৰিয়তে যদি কোনােবাই নিজৰ নাগৰিকত্ব প্রমাণ কৰাত ব্যর্থ হয় তেতিয়াই মানুহজনক ডিটেনচন কেম্পলৈ নিবন্দী কৰি থােৱা হয়। অসমত জিলা কাৰাগাৰৰ একোটা অংশক ডিটেনচন কেম্প হিচাপে ব্যৱহাৰ কৰা হৈ আছে। কিন্তু বিদেশী বুলি অভিযুক্ত এইসকলৰ অৱস্থা সাধাৰণ কয়দীতকৈ কিছু বেলেগ। এইসকলক জে’লত আন কয়দীৰ দৰে কোনাে হাজিৰাৰ কাম কৰিবলৈ দিয়া নহয়।

ডিটেনচন কেম্পবােৰ সময়ে সময়ে পর্যবেক্ষণ কৰা বিশিষ্ট মানৱ অধিকাৰ কর্মী হৰ্ষ মন্দেৰে বাৰেবাৰে ডিটেনচন কেম্পবােৰৰ দুৰৱস্থাৰ কথা বিভিন্ন মঞ্চত উত্থাপন কৰিছে। শেহতীয়াভাৱে হর্ষ মন্দেৰে মাননীয় উচ্চতম ন্যায়ালয়ত এইসম্পর্কে এক ৰাজহুৱা স্বার্থ জড়িত আবেদনাে দাখিল কৰিছে। ডিটেনচন কেম্পবােৰত বহু বেছি মানুহক বন্দী কৰি ৰখা হৈছে আৰু তেওঁলােকে তাত ন্যূনতম মানৱ অধিকাৰৰ পৰাও বঞ্চিত হৈছে। ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰত স্থাপন কৰা ডিটেনচন কেম্পেবােৰে যেনেকৈ কণ কণ শিশুক নিজৰ পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰিছে, সেই ডিটেনচন কেম্পবােৰৰপৰা আমাৰ দেশৰ অর্থাৎ অসমৰ ডিটেনচন কেম্পবােৰ বেলেগনে? আমাৰ দেশতাে বহুলােকক নিজৰ নিজৰ পৰিয়ালৰ পৰা বিছিন্ন কৰি নতুবা পৰিয়াল ভংগ কৰি মানুহক ডিটেনচন কেম্পত বছৰৰ পিছত বছৰ ধৰি বন্দী কৰি ৰখা হৈছে। কণ কণ শিশুৰ পৰা তেওঁলােকৰ মাতৃক কাঢ়ি নি এই কেম্পবােৰত বাংলাদেশী বুলি বন্দী কৰা হৈছে, অন্তঃসত্বা মহিলাক কেম্পত ৰখা হৈছেআৰু ১০২ বছৰীয়া বয়ােজ্যেষ্ঠ বৃদ্ধকো কেম্পত বন্দী কৰি ৰখা হৈছে। ডিটেনচন কেম্পত এওঁলােকৰ দুৰৱস্থাৰ কথা সকলােৱে জানে কিন্তু তথাকথিত বিদেশী সমস্যা আৰু বিদেশী উলিওৱাৰ নামত এনে হাৰাশাস্তি চলিয়ে আছে। এনে বহু ঘটনা সন্মুখলৈ আহিছে য’ত দেখা গৈছে নিৰক্ষৰ আৰু দৰিদ্ৰ লােকক যেনে দিন হাজিৰা কৰা অজ্ঞ মানুহক একপক্ষীয় ৰায়ৰ জৰিয়তে বিদেশী বুলি ঘােষিত কৰি ডিটেনচন কেম্পত বন্দী কৰি ৰক্ষা হৈছে। নাম আৰুবয়সৰ সামান্য অমিলৰ অজুহাততে বিদেশী ন্যায়াধীকৰণে বহু স্বদেশী বিদেশী বুলি ঘােষণা কৰি ডিটেনচন কেম্পত বন্দী কৰি ৰাখিছে। এনে ঘটনাও হৈছে যত এটা পৰিয়ালৰ কোনাে এজনক বিদেশী বুলি ডিটেনচন কেম্পত বন্দী কৰি ৰখা হৈছে অথচ সেই পৰিয়ালৰ আন সকল ভাৰতীয়। এই অসামঞ্জস্যবােৰ এতিয়াও ঠিক হােৱা নাই। সদ্যহতে ডিটেনচন কেম্পবােৰত অন্যায়ভাৱে বন্দী হৈ থকা ছােফিয়া খাতুন, খবিৰণ নেছাই মুক্তি লাভ কৰিলে। কিন্তু তেওঁলােকে জীৱনৰ মূল্যবান সময়বােৰ যে জেলখানাৰ কয়েদীৰ ৰূপত অতিবাহিত কৰিবলগা হ’ল তাৰ বাবে কোন দায়ী? তেওঁলােকক সেই সময়খিনি ঘূৰাই দিব পাৰিবনে কোনােবাই? নে আমাৰ দেশত দুখীয়া, প্রান্তীয় সম্প্রদায়ৰ মানুহৰ জীৱনৰ নতুবা সময়ৰ কোনাে মূল্য নাই?

যিসময়ত চাৰিও ফালৰ পৰা ডিটেনচন কেম্পবােৰত চলি থকা মানৱ অধিকাৰ উলংঘনৰ অভিযােগ উত্থাপিত হৈছে আৰু এনে কেম্পবােৰ বন্ধ কৰাৰাে দাবী তুলিছে বহু সমাজকর্মীয়ে, ঠিক তেনে সময়তে গােৱালপাৰা জিলাত এটা নতুনকৈ বিশাল আকাৰৰ ডিটেনচন কেম্প খােলাৰ অনুমতি দিছে কেন্দ্রীয় চৰকাৰে। এখন গণতান্ত্রিক দেশত এনে কেম্প স্থাপনৰ প্রয়ােজনীয়তা কিমানখিনি? ইয়াক লৈ আমি গৌৰৱান্বিত হ’ব পাৰােনে? কল্যাণকামী ৰাষ্ট্র ভাৰতবৰ্ষইসময়ে সময়ে নিৰীহ-নিষ্পেষিতসকলৰ বাবে নিজৰ দুৱাৰ মেলি দিছে – সেয়া চীনৰ আতিশায্যৰ পৰা পলাই অহা  তিব্বতী সকলেই হওক বা তালিবানৰ অত্যাচাৰত সুৰক্ষা বিচাৰি অহা আফগানীসকলেই হওক। বৈধ বা অবৈধ প্রব্রজন বাশৰণার্থী কেৱল ভাৰৱৰ্ষৰ সমস্যা নহয়। গােটেই বিশ্বতে বিভিন্ন অঞ্চলত বিভিন্ন কাৰণত বিশেষকৈ অর্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে বহুসংখ্যক মানুহ নিজ দেশ এৰি আন দেশলৈ বৈধভাৱেই হওক নবা অবৈধভাবেই হওক গৈ থিতাপি লবলগীয়া হয়। কিন্তু ছিৰিয়াৰ যুদ্ধৰ ফলত উদ্ভৱ হােৱা এই শৰণাৰ্থীৰ সমস্যাৰ বাবে এক প্রকাৰে দায়ী আমেৰিকাকে ধৰি কিছু পশ্চিমীয়া দেশবােৰে আজিৰ দিনত শৰণাৰ্থীক লৈ এক কঠোৰ আৰু অমানৱীয় স্থিতি অৱলম্বন কৰা দেখা গৈছে। আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ব্যৱস্থাত এনে পৰিৱর্তত গণতান্ত্রিক ভাবধাৰাৰ এক অন্তৰ্দ্বন্দ্ব পৰিলক্ষিত হয়। এফালে গণতন্ত্রই সার্বজনীন অধিকাৰৰ পৃষ্ঠপােষকতা কৰে। আনফালে গণতান্ত্রিক ভেটি শক্তিশালী কৰি তােলাৰ নামত ভৌগােলিক চাৰিসীমাৰ ওপৰত গুৰুত্ব আৰােপ কৰি এই সার্বজনীন অধিকাৰবােৰ কাক দিয়া হ’ব আৰু কাক দিয়া নহ’ব সেইটো মনস্থ কৰা হয়। গণতন্ত্রৰ যেন এক সুকীয়া বৈশিষ্ট্য হৈ পৰিছে পৃথকীকৰণ – আমি (Us) আৰু সিহঁত (Them)ৰ মাজত। আধুনিক ৰাষ্ট্রৰ বাবে নিজ নিজ ভৌগলিক সীমা সুৰক্ষিতক নিতান্তই গুৰুত্বপূর্ণ। কিন্তু বিশ্বায়নে য’ত এফালে মানুহ আৰু পুঁজিৰ সঞ্চালন দেশবােৰৰ মাজত সহজ কৰি তুলিছিল অন্যফালে আজি আকৌ ৰাষ্ট্ৰবােৰ অর্থনৈতিক জাতীয়তাবাদলৈ ঘূৰি গৈ আছে আৰু ইয়াৰ কুফল ভুগিব লগা হৈছে উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ এটা নিৰাপদ আৰু ভাল জীৱনৰ আশা কৰি ঢাপলি মেলা লােকসকল৷

প্ৰবজন এক বিশ্বজনীন প্রক্রিয়া। ভাৰতবৰ্ষতাে প্ৰব্ৰজন বিভিন্ন কাৰণত হৈছে। বর্তমানৰ ৰাজনৈতিক ব্যৱস্থাই এই প্রব্রজনক একমাত্র সুৰক্ষাৰ দৃষ্টিকোণেৰে বিশ্লেষণ কৰাটো একপ্ৰকাৰে বাধ্যতামূলক কৰি পেলাইছে। অসমত অবৈধ প্রব্রজনকাৰীৰ সমস্যা সমাধান কৰা জৰুৰী। কিন্তু নতুন নতুন ডিটেনচন কেম্প তৈয়াৰ কৰি বছৰৰ পিছত বছৰ ধৰি বিদেশীৰ নামত স্বদেশীক অমানৱীয়ভাৱে বন্দী কৰি ৰাখিলে এই সমস্যা সমাধান হ’ব জানাে? বিদেশীকেই যেনিবা ডিটেনচন কেম্পতবন্দী কৰি ৰাখিছে। কিন্তু সেইবুলি তেওঁলােকৰ মানৱ অধিকাৰ খর্ব কৰাটো উচিত জানাে? বিদেশীৰ কলঙ্কই বহুতৰ জীৱনতে অমানিশা নমাই আনিছে। আজি কিছুদিন আগতে তেজপুৰ কাৰাগাৰত বিদেশী বুলি ঘােষিত হােৱা ৭০ বছৰীয়া জব্বাৰ আলীৰমৃত্যু হয়। জব্বাৰ আলীৰ মৃতদেহ তেওঁৰ পৰিয়ালক চমজাই দিয়া হয়। জীৱিত জব্বাৰ আলী আছিল বাংলাদেশী, পিছে মৃত জব্বাৰ আলী হৈ পৰিল ভাৰতীয় এন আৰ চিত নাম নুঠাৰ বাবে নিৰােদ বৰণ দাস নামৰ এজন অধিবক্তাই আত্মহত্যা কৰে। মজদুৰি কৰি খােৱা এনে বহু নিৰীহ মানুহ ‘ডি’ ভােটাৰৰ কেছত পৰি নিজৰ জীৱন শেষ কৰিছে। ওদালগুৰিৰ দীপক দেবনাথে এন আৰ চিত নাম নহাৰ বাবে আত্মহত্যা কৰিছে। আমেৰিকাৰ জে’ল বা কাৰাগাৰত কৃষ্ণাঙ্গ মানুহৰ সংখ্যা বেছি। কেৱল সন্দেহৰ ভিত্তিত নিৰস্ত্র কৃষ্ণাঙ্গ যুৱকক হত্যা কৰাৰ ঘটনা বহু সংঘটিত হৈছে।আমেৰিকাৰ প্রথম কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি বাৰাক ওবামায়াে এই সত্যক পৰিৱৰ্তন কৰিব পৰা নাছিল। কৃষ্ণাঙ্গসকলৰ বিৰুদ্ধে আনুষ্ঠনিক বর্ণ বৈষম্যৰ অন্ত আমেৰিকাত আজিও পৰা নাই। ভাৰতবৰ্ষৰ কাৰাগাৰত বন্দী হৈ থকা সকলৰ দুই-তৃতীয়াংশ ধর্মীয় সংখ্যালঘু আৰু অনুসূচিত জাতি, জনজাতিৰ মানুহ৷ তাৰে ভিতৰত সৰহ সংখ্যকৰ কেছ চলি আছে অর্থাৎ আণ্ডাৰট্রায়াল। কেৱল সন্দেহৰ ভিত্তিত গ্রেপ্তাৰ হােৱা মােহম্মদ আমিৰ খানে প্রায় দুই দশক পিছতহে মুক্তি লাভ কৰে। এওঁলােকৰ জীৱনৰ মূল্যবান সময়খিনি। কাৰাগাৰত কটাবলগা হ’ল।। যি সময়ত ইউৰােপীয় কিছু দেশে অপৰাধৰ হাৰ কমাৰ বাবে, জেলখানা বন্ধ কৰি তাতে লাইব্রেৰী ইত্যাদি স্থাপন কৰি আছে, তেনে সময়ত আমাৰ লক্ষ্য বৃহৎসংখ্যক মানুহক আটক কৰি ৰখা নহয়। ৰাজহুৱা কৰৰ ব্যৱহাৰ দেশৰ উন্নয়ণত হওক নতুন জেল আৰু ডিটেনচন চেণ্টাৰ পৰিচালনা কৰাত নহয়। ইয়াৰ উপৰিও এখন সভ্য দেশত কেৱল আন দেশৰ নাগৰিক হােৱাৰ অপৰাধত এনে শাস্তি কিমানখিনি বাঞ্চনীয়? বিদেশীক সংশ্লিষ্ট দেশৰ লগত আলােচনা কৰি বা চুক্তি সম্পাদিত কৰি ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে চুবুৰীয়া দেশবােৰৰ লগত ব্যৱসায় বাণিজ্য আদিৰ সহায়ত প্রব্রজনক নিয়ন্ত্রণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। তেনে নকৰি কেৱল ৰাজনৈতিক মুনাফা লুটাৰ বাবে মানুহৰ আত্মহত্যা, দৈনন্দিন হাৰাশাস্তিক আওকাণ কৰা একেবাৰে অনুচিত।

 

লেখিকাৰ ফোনঃ ৮০১১৯০৩৬২৩