শেহতীয়া খবৰ
Home / আঞ্চলিক / গুণোৎসৱত শিক্ষকৰ ৰূপত অৱতীৰ্ণ হ’ল বৰপেটাৰ জিলা উপায়ুক্ত

গুণোৎসৱত শিক্ষকৰ ৰূপত অৱতীৰ্ণ হ’ল বৰপেটাৰ জিলা উপায়ুক্ত

ৰিঞ্জুৱাৰা পাৰবিন, কলগাছিয়াঃ সমগ্ৰ অসমৰ লগতে বৰপেটা জিলাৰ সাত খন প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ১৬৫৯ খন প্ৰাথমিক বিদ্যালয়, ১৯৬ খন উচ্চ প্ৰাথমিক বিদ্যালয়, ১০৫ খন এম ভি স্কুল, ৪৭ খন উচ্চ মাধ্যমিক আৰু ২৫১ খন কম্পজিট বিদ্যালয়ত যোৱা ৩১ অক্টোবৰৰ পৰা ব্যাপক উৎসাহ উদীপনাৰে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। বহু চৰ্চিত উক্ত গুণোৎসৱৰ অংশ হিচাপে বৰপেটা জিলাৰ অত্যন্ত তৎপৰ তথা শিক্ষা সচেতন উপায়ুক্ত থানেশ্বৰ মালাকাৰে আজি দুপৰীয়া চহৰ খনৰ নিকটবৰ্তি ছায়াৰাম ছোৱালী হাইস্কুলত উপস্থিত হৈ শিক্ষকৰ ৰূপত অৱতীৰ্ণ হয় আৰু পাঠদান কৰে। উপায়ুক্ত গৰাকীয়ে   শিক্ষাৰ্থী সকলৰ লগত বিভিন্ন বিষয়ত মত বিনিময় কৰাৰ লগতে শিক্ষক সকলক লৈ শ্ৰেণীকোঠা, শৌচাগাৰ, প্ৰস্ৰাৱগাৰ, ৰান্ধনিশাল, পানীৰ ব্যৱস্থা আদি পৰ্যবেক্ষণ কৰে। ইয়াৰোপৰি, বৰপেটা হাইস্কুলতো অংশগ্ৰহণ কৰি অনুৰূপ ভূমিকা পালন কৰাত শিক্ষাৰ্থী সকলে ব্যাপক উৎসাহ প্ৰেৰণা লাভ কৰা বুলি সদৰী কৰে একাংশ ছাত্ৰ ছাত্ৰীয়ে।