শেহতীয়া খবৰ
Home / আঞ্চলিক / তিতাবৰত বন্য হস্তীৰ তাণ্ডৱঃ নিৰ্বিকাৰ  বন বিভাগ

তিতাবৰত বন্য হস্তীৰ তাণ্ডৱঃ নিৰ্বিকাৰ  বন বিভাগ

গণ বার্তা, তিতাবৰঃ তিতাবৰত অব্যাহত আছে বন্য হস্তীৰ তাণ্ডৱ। বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহিছে প্ৰায় অধঃশতাধিক হাতীৰ জাকটো। এই হাতীৰ জাকটোৱে কেইবা বিঘা পকা ধান খোৱাৰ উপৰিও মূল্যবান গছ গছনি ভাঙি তহিলং কৰিছে। তিতাবৰ ঢলি কছাৰী লাইন, ৰঙাজান, খৰিকটিয়া আদি অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বৃহৎ হাতীৰ জাকটোৱে। কিন্তু একেবাৰে নিৰ্বিকাৰ হৈ আছে অসম চৰকাৰৰ বন বিভাগটো। গিবন অভয়াৰণ্যৰ পৰা খাদ্যাৰ সন্ধানত ওলাই অহা বৃহৎ হাতীৰ জাকটোক নিয়ন্ত্ৰণ কৰিবলৈ বৰ্তমান লৈকে উপস্থিত হোৱা নাই বন বিভাগৰ লোক। বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁও বাসীয়ে। খাদ্য সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে কেবাটাও ঘৰ ভাঙি চুৰমাৰ কৰিছে। নিশা যিমানে গভীৰ হয় সিমানে ভয়ত থাকিব লগীয়া হয় গাঁওবাসী। পেটলৈ ভাত নোযোৱা অৱস্থাৰ সৃষ্টি হৈছে  স্থানীয় গঞাৰ। নিশা হ’লে দল বান্ধি, জুই ধৰি, ফটকা ফুটাই হেঁপাহৰ ঘৰ খন, ধাননি পথাৰ ঢৰাৰ লগতে ঘৰখন সুৰক্ষা দিছে।