শেহতীয়া খবৰ
Home / আঞ্চলিক / যোৰহাটৰ বেংক ঋণ কেলেংকাৰীৰ নায়ক গজানন মুণ্ডাৰ বহু তথ্য উন্মোচনঃ গ্ৰেপ্তাৰ হব পাৰে বেংক বিষয়া

যোৰহাটৰ বেংক ঋণ কেলেংকাৰীৰ নায়ক গজানন মুণ্ডাৰ বহু তথ্য উন্মোচনঃ গ্ৰেপ্তাৰ হব পাৰে বেংক বিষয়া

ষ্টাফ ৰিপৰ্টাৰ যোৰহাটঃ যোৰহাট কাকজান অঞ্চলৰ কেইবাজনো নিবনুৱা যুৱকৰ নামত বেংকৰ ঋণ প্ৰায় ১০ কোটি টকাৰ কেলেংকাৰীত জড়িত যোৰহাটৰ ব্যৱসায়ী তথা বিধায়ক হোৱাৰ সপোন দেখা গজানন মুণ্ডাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জিম্মাত লোৱাৰ পাছত আৰু বহু তথ্য উন্মোচন হৈছে এই কেলেংকাৰীৰ। ইতিমধ্যে তদন্ত বিষয়া মৰিয়নি আৰক্ষীৰ চি আয়ে এই বেংক কেলেংকাৰীৰ সমস্ত তথ্য উন্মোচন হৈছে বুলি কালি সংবাদ মাধ্যমত উল্লেখ কৰিছিল। ইতিমধ্যে যোৰহাটৰ ৰাষ্ট্ৰীয়কৃত চেন্ট্ৰেল বেংক অৱ কমার্চ আৰু অৰিয়েন্ট্ৰল বেংকৰ সেই সময়ৰ দুই বিষয়ালৈ জাননী প্ৰেৰণ কৰিছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰো সম্ভাৱনা আছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। কালি গ্ৰেপ্তাৰৰ পাছত যোৰহাট আদালতত হাজিৰ কৰোৱাই তিনি দিনৰ জিম্মাত লৈছিল যদিও আজি ২৪ ঘণ্টাৰ পাছতো এতিয়ালৈকে মুণ্ডাই একো মুখ খোলা নাই বুলি জানিব পৰা গৈছে।
ইফালে নেকিব আহমেদ নামৰ ভুক্তভোগী যুৱকজনে আৰক্ষীক দিয়া এজাহাৰত কাকজান দ গাঁৱৰ লিটোল আলি নামৰ এজনে তেওঁৰ লগতে সেই অঞ্চলৰ আন কেইবাজনো নিবনুৱাক মুণ্ডাৰ সৈতে চিনাকি কৰি দি ঋণৰ সন্দৰ্ভত দালালি কৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে। কাকজান অঞ্চলৰ আন ভুক্তভোগী যুৱককেইজনে এই ঋণৰ সন্দৰ্ভত বলিৰ পাঠা হৈ আছিল আৰু যুৱককেইজনে দুই এদিনতে মুণ্ডাৰ বিৰুদ্ধে আৰু কেইবাখনো এজাহাৰ  দিব বুলি জানিব পৰা গৈছে। কিন্তু মুণ্ডাৰ হৈ দালালি কৰা লিটোল আলি নামৰ যুৱকজনে আত্মগোপন কৰাত কাকজান অঞ্চলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু তেওঁকো গ্ৰেপ্তাৰ কৰি জেৰা চলালে আৰু বহু তথ্য পোহৰলৈ আহিব বুলি কাকজান অঞ্চলৰ বহু লোকে উল্লেখ কৰিছে।
উল্লেখ্য যে বিগত সময়চোৱাত মুণ্ডা নামৰ লোকজনে টীয়ক সমষ্টিত বিধায়ক হোৱাৰ লক্ষ্যৰে দিনে নিশাই বাঁহৰ পাতি  সেই অঞ্চলত জনপ্ৰিয় হোৱাৰ উদ্দেশ্য যি টি অনুষ্ঠানলৈ টকা অনুদান দি বহুতক টকা  বিতৰণ কৰি আৰু খুব কম সময়তে জনপ্ৰিয়ও হৈ পৰিছিল আৰু একেবাৰে কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে ব্যক্তিগত আৰু চৰকাৰী নিৰাপত্তাৰক্ষীৰ মাজত সেই অঞ্চলত গিজগিজাই আছিল। কিন্তু তেওঁ  শেষত  বিজেপিৰ টিকট নাপাই নিৰ্দলীয় হৈ বিগত বিধান সভা নিৰ্বাচন খেলি পৰাজিত হৈছিল। ইয়াৰ পূৰ্বেই সেই অঞ্চলৰ  একাংশ নিবনুৱা যুৱকক বেংকৰ ঋণৰ লোভ দেখুৱাই যোৰহাটলৈ মাটি ডেৰ দুই লাখ টকাকৈ নিজ হাতেৰে ঋণ দি জালিয়াতিৰে তেওঁলোকৰ নামত ভুৱা আঁচনি বনাই যোৰহাটৰ দুটা ৰাষ্ট্ৰীয়কৃত বেংকৰ পৰিচালকৰ সৈতে ( চেন্ট্ৰেল বেংক আৰু অৰিয়েনট্ৰেল) মিলি সেই নিবনুৱা যুৱকসকলৰ  নামত ঋণ লৈ ঋণৰ ধন আত্মহাত কৰিছিল। এই সন্দৰ্ভত ভুক্তভোগী কাকজান বনগাঁওৰ নেকিব আহমেদ নামৰ এজন যুৱকে যোৰহাট আৰক্ষী অধীক্ষকৰ হাতত এজাহাৰ দিয়াত যোৰহাট আৰক্ষীয়ে ২৬১৫/১৮ নম্বৰত গোচৰ পঞ্জীয়ন কৰিছিল যদিও গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰা নাছিল।  কিন্তু সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰিৰ প্ৰভাৱত যোৰহাটৰ বিধায়ক তথা অসম বিধান সভাৰ অধ্যক্ষৰ কাৰা নিৰ্দেশত যোৰহাটৰ আৰক্ষী অধীক্ষকে গজানন মুণ্ডাৰ নিৰাপত্তাৰক্ষী আঁতৰোৱাৰ লগতে আৰক্ষীয়ে নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে গজানন মুণ্ডাই  যোৰহাটৰ আৰক্ষীক ধনবলেৰে কিনি ৰখা বুলি হততে অভিযোগ উঠি আহিছিল আৰু কালি গ্ৰেপ্তাৰ হোৱাৰ সময়ত কমাৰগাওঁ আৰক্ষীৰ লগতে  উপস্থিত সংবাদ মাধ্যমৰ লোককো কিনিবলৈ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে । আনহাতে এই  প্ৰৱঞ্চকৰ উপৰিও  গজাননৰ বিৰুদ্ধে আৰু ১০ টা গোচৰ যোৰহাট সদৰ থানাত ৰুজু হৈ আছে  ।  ইয়াৰ পাছতো মুণ্ডাই থানালৈ অহা যোৱা কৰাৰ লগতে তেওঁৰ হোটেলত আৰক্ষীৰ সৈতে খোৱা বোৱা পাৰ্টি কৰি আছিল। যোৰহাট আৰক্ষীৰ বিষয়াই মুণ্ডাৰ গাড়ী লৈ ঘূৰি ফুৰাও প্ৰায়েই দেখা গৈছিল। আৰক্ষীৰে এনে সু-সম্পৰ্ক থকাৰ পাছত তদন্ত সঠিকভাৱে হবনে ? বুলিও প্ৰশ্ন উদয় হৈছে।  উল্লেখ্য যে গঁজানন মুণ্ডাৰ বেংকৰ ঋণ কেলেংকাৰীৰ বাতৰি সৰ্বপ্ৰথমে এক মাত্ৰ দৈনিক গণ অধিকাৰ কাকতে ফাদিল  কৰিছিল আৰু তাৰ পাছৰে পৰা এটা এটাকৈ তথ্য পোহৰলৈ আহিছিল আৰু অৱশেষত গ্ৰেপ্তাৰ হব লগীয়া হল।