শেহতীয়া খবৰ
Home / আঞ্চলিক / কলগাছিয়াত নৱম গ্ৰন্থ মেলাৰ  শুভাৰম্ভঃ  অসম সাহিত্য সভাৰ পতাকাৰ তলত বহিলে কোনেও নাভাবে মই হিন্দু-মই মুছলমানঃ ডঃ পৰমানন্দ ৰাজবংশী

কলগাছিয়াত নৱম গ্ৰন্থ মেলাৰ  শুভাৰম্ভঃ  অসম সাহিত্য সভাৰ পতাকাৰ তলত বহিলে কোনেও নাভাবে মই হিন্দু-মই মুছলমানঃ ডঃ পৰমানন্দ ৰাজবংশী

গণ  বাৰ্তা কলগাছিয়াঃ বৰপেটা জিলাৰ কলগাছিয়াত আন আন বছৰৰ দৰে এই বেলিও আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে কলগাছিয়া নৱম গ্ৰন্থ মেলা আৰম্ভ হৈছে। কাৰ্যসূচী মতে আজি আবেলি অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে নৱম কলগাছিয়া গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰাৰ কথা আছিল যদিও অসম বন্ধৰ ফলত সভাপতি গৰাকীয়ে পলমকৈ অহাৰ বাবে অসমীয়া খবৰৰ কাৰ্য্যবাহী সম্পাদক বিশ্বজিৎ দাস আৰু আমাৰ অসম কাকতৰ প্ৰতি সম্পাদক গৌতম শৰ্মাই শুভ উদ্বোধন কৰে আৰু উক্ত অনুষ্ঠানত আয়োজক সমিতিৰ সভাপতি আব্দুল খালেক সহ আন কেইবাজন গন্য মান্য ব্যক্তি উপস্থিত থাকে।
এক দীঘলীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰি গ্ৰন্থ মেলাৰ প্ৰথম দিনাৰ কাৰ্যসূচীত কেইবাজন সন্মানীয় ব্যক্তিৰ উপস্থিতিত জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকে পৰিচালনা কৰা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত অধ্যক্ষ এম মোজাম্মিল হুছেইনে গ্ৰন্থ মেলাৰ মূল পতাকা উত্তোলন কৰে। ইয়াৰ পিছত বিধায়ক আব্দুল খালেকৰ সভাপতিত্বত সভা অনুষ্ঠিত হয়। উক্ত সভাত পলমকৈ হ’লেওঁ অসম সাহিত্য সভাৰ সভাপতি ডঃপৰমানন্দ ৰাজবংশী উপস্থিত হয়। সভাত বৰপেটা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰ, সাংবাদিক বিশ্বজিৎ দাস, আমাৰ অসমৰ প্ৰতি সম্পাদক গৌতম শৰ্মা, কলগাছিয়া ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি অজিৎ কলিতা, খণ্ড উন্নয়ন বিষয়া মন্জুশ্ৰী ঘোষ আৰু মন্দিয়া ব্লকৰ খণ্ড উন্নয়ন বিষয়া ইউছবুৰ ৰহমান উপস্থিত থাকে।
উক্ত সভাত বৰপেটা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে গ্ৰন্থৰ ওপৰত এক গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে। সভাত খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস আৰু আমাৰ অসমৰ গৌতম শৰ্মাই ভাষণ প্ৰদান কৰে। অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী কলগাছিয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ চৰচাপৰি এলেকাত অসমীয়া ভাষাৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিছে বুলি মন্তব্য কৰে। তেওঁ আৰু কয় যে অসম সাহিত্য সভাৰ পতাকাৰ তলত বহিলে মই হিন্দু, মই মুছলমান এই ভাৱ কাৰো মনত নহয়। আমি অসমীয়া জাতি হিচাপে সকলোৱে আগবাঢ়ি যাব লাগিব তেতিয়াহে অসমৰ উন্নয়ন নিশ্চিত হব। কলগাছিয়াৰ লোক সকলে যি ধৰনে গ্ৰন্থ মেলাৰ যোগেদি আগুৱাই যোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ঠিক সেইদৰে অসমৰ প্ৰত্যেকজন অসমীয়াই আগুৱাই যোৱাৰ পৰিকল্পনা কৰিব লাগিব বুলি মন্তব্য কৰে। সভাত জনীয়া সমষ্টিৰ বিধায়ক তথা আয়োজক সমিতিৰ সভাপতি আব্দুল খালেকেও নৱম কলগাছিয়া গ্ৰন্থমেলা উপলক্ষে ৰাইজক সন্মোধন কৰি এক গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে ।