শেহতীয়া খবৰ
Home / ক্ৰীড়া / বামুনবড়ী শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল বঙাইগাঁওৰ ইলিভেন ষ্টাৰ ক্লাবৰ

বামুনবড়ী শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল বঙাইগাঁওৰ ইলিভেন ষ্টাৰ ক্লাবৰ

 

ডিজিটেল ডেস্ক, চেঙাঃ বঙাইগাঁৱৰ ইলিভেন ষ্টাৰ ক্লাবে বামুনবড়ী মুলাঘাটা মিলন সংঘৰ উদ্যোগত বামুনবড়ী খেলপথাৰত অনুষ্ঠিত  ২৬ তম বাৰ্ষিক শ্বহীদ সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খিতাপ দখল কৰিছে। আজি অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত বঙাইগাঁৱৰ ইলিভেন ষ্টাৰ  ক্লাবে সোনাপুৰ প্ৰগতি যুৱ  সংঘক ১-০ গলত পৰাস্ত কৰি বিজয়ী হয়। খেলৰ 25 মিনিটত বিজয়ী দলটোৰ হৈ গল প্ৰদান কৰে তপেশ্বৰ ৰাভাই । আজিৰ চূড়ান্ত খেলখন উদ্বোধন কৰে বৰক্ষেত্ৰীৰ স্থানীয়  বিধায়ক নাৰায়ণ  ডেকাই । খেলৰ অন্তত  বামুনবড়ী গাঁও উন্নয়ন  সমিতিৰ সভাপতি ফাইজুৰ ৰহমানৰ পৌৰোহিত্যত এখন বঁটা  বিতৰণী সভা অনুষ্ঠিত হয়। বামুনবড়ী মুলাঘাটা মিলন সংঘৰ সভাপতি ইউচুফ হুছেইন তালুকদাৰে আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত বিজয়ী দলৰ লগতে আন আন বঁটা সমূহ প্ৰদান  কৰা হয় ।   অনুষ্ঠানটোত চতুৰ্দশ অসম  আৰক্ষী বাহিনীৰ অধিনায়ক দেবেন্দ্ৰ ডেকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । আজিৰ খেলখন পৰিচালনা কৰে গোকুল দাস , অৰূপ হালৈ বিশ্বজিৎ ভূঞা আৰু আকিল জামানে।মেচ কমিচনাৰ হিচাপে  দায়িত্ব পালন কৰে বিকাশ ভট্টাচাৰ্যই ো