শেহতীয়া খবৰ
Home / আঞ্চলিক / হৰিনামৰ ধ্বনিৰে মুখৰিত সমগ্ৰ বালিপৰা অঞ্চলঃ বালিপৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমাৰোহত বিশাল ভাগৱত শুভাযাত্ৰা

হৰিনামৰ ধ্বনিৰে মুখৰিত সমগ্ৰ বালিপৰা অঞ্চলঃ বালিপৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমাৰোহত বিশাল ভাগৱত শুভাযাত্ৰা

ধনেশ্বৰ কলিতা,ৰঙাপৰাঃ আজি হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ল সমগ্ৰ বালিপৰা অঞ্চল। শোণিতপুৰৰ বালিপৰাত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণৰ আই পদ্মপ্ৰিয়া মহামিলন ক্ষেত্ৰত  ৪ নৱেম্বৰৰপৰা তিনিদিনীয়া বৰ্ণাঢ্য  কাৰ্যসূচীৰে তেজপুৰ জিলা শাখাৰ উদ্যোগত আৰু চাৰিদুৱাৰ আঞ্চলিক শাখাৰ সহযোগত শুভাৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পঞ্চবিংশতিতম কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ আজি  দ্বিতীয় দিনাৰ কাৰ্যসূচী আজি পুৱা ৯:০০ বজাত অধিৱেশনস্থলীত সংঘৰ  পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ধৰ্মধ্বজ্জা উত্তোলন কৰি শুভাৰম্ভ কৰে। ধৰ্মধ্বজ্জা উত্তোলন কৰাৰ পিছতে  অধিৱেশনস্থলীৰপৰা  দিনৰ ১১:০০ বজাত উলিওৱা হয় বিশাল ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা। অধিৱেশনস্থলীৰপৰা উলিওৱা ভাগৱত ভ্ৰমণত জাতি-বৰ্ণ-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰি সমগ্ৰ বালিপৰা পৰিভ্ৰমণ কৰি হৰিনামৰ ধ্বনি, আয়তীৰ উৰুলি, খোল- তাল-মৃদংগ, নেগেৰাৰ ধ্বনি, বড়োৰ  বাগৰুম্বা নৃত্য, হৰিধ্বনিৰে  সমগ্ৰ বালিপৰা অঞ্চলৰ আকাশ-বতাহ  মুখৰিত কৰি তোলে।
একেদৰে, সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত “শিশু, যুৱক-যুৱতীসকলৰ আধ্যাত্মিক আৰু নৈতিক উত্তৰণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দায়িত্ব আৰু কৰ্তব্য” বিষয়ক আলোচনা চক্ৰখনি সংঘৰ প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই শুভ উদ্বোধন কৰে। আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থকা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ সদানন্দ হাজৰিকাই কয় যে শংকৰদেৱ সংঘ সাম্প্ৰতিক সময়ত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। নবৈ দশকৰ পৰাই অসমীয়া সংস্কৃতিত আধুনিকতা, বিশ্বায়নৰ প্ৰভাৱে সমাজ ব্যৱস্থাত একপ্ৰকাৰৰ বিশৃঙ্খল পৰিৱেশৰ সূচনা কৰি অহাটো পৰিলক্ষিত হৈছে। সমাজক গ্ৰাস কৰা অপসংস্কৃতিসমূহক নাশ কৰিব লাগিব। শিশুসকলক নৈতিকভাৱে সৱল কৰিব লাগিব। আমি আমাৰ শিশুক প্ৰকৃত শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই। শিক্ষানুষ্ঠানত আধ্যাত্মিক শিক্ষা প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰিব লাগিব। এতিয়াৰ শিক্ষানুষ্ঠানসমূহ জাক-জমকতাৰে চলিছে, গুৰুত্বহীন কৰা হৈছে আধ্যাত্মিকতাক। কৃষ্ণ সংস্কৃতি সুন্দৰৰ সংস্কৃতি। অনুষ্ঠানত শিশু, আই-মাতৃ। অন্যহাতে, বিয়লি ৩:০০ বজাৰপৰা  কেন্দ্ৰীয় আই মাতৃ কল্যাণ শাখাৰ সভানেত্ৰী উৰ্মিলা পাঠকৰ সঞ্চালনাত  শিশু, আইমাতৃ কল্যাণ শাখা সমিতিৰ সাধাৰণ পৰিষদৰ  সভা আৰু জিলা সভানেত্ৰী-সম্পাদিকাৰ যুটীয়া সন্মিলন অনুষ্ঠিত হয়। সন্মিলন  উদ্বোধন কৰে কেন্দ্ৰীয় শিশু আইমাতৃ কল্যাণ শাখাৰ সম্পাদিকা বিজু তামুলীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, বিশিষ্ট অতিথি হিচাপে সংঘৰ উপ-পদাধিকাৰ বীৰেণ বৰা, নিৰ্দিষ্ট বক্তা হিচাপে ডঃ দুলুমণি ডেকা উপস্থিত থাকে।