শেহতীয়া খবৰ
Home / আঞ্চলিক / সন্দেহৰ গইনা লৈ ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ চক্ৰান্ত তথাকথিত সংগঠনৰঃ আটাছুৱে আটক কৰা ৩০ শ্ৰমিকক মুকলি কৰিলে আৰক্ষীয়ে

সন্দেহৰ গইনা লৈ ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ চক্ৰান্ত তথাকথিত সংগঠনৰঃ আটাছুৱে আটক কৰা ৩০ শ্ৰমিকক মুকলি কৰিলে আৰক্ষীয়ে

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ কেৱল মাত্ৰ সন্দেহৰ গইনা লৈ একাংশ তথাকথিত সংগঠনৰ নেতাই ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ চক্ৰান্ত কোনো নতুন কথা নহয়। বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল উজনি অসমলৈ কামৰ সন্ধানত ঢাপলি মেলিলেই একাংশ উগ্ৰ হিন্দুত্ববাদী সংগঠনে এইসকল নিৰীহ লোকক বাংলাদেশী সজাই আটক কৰি হাৰাশাস্তি কৰি অহাৰ সময়তে এইবাৰ আন এক অনুৰূপ ঘটনা সংঘটিত হ’ল যোৰহাট জিলাৰ লাহৰিঘাটৰ নকছাৰীত। ইটাভাটাত কৰ্মৰত হৈ থকা ৩০গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ শ্ৰমিকক আটাছুৰ একাংশ উদণ্ড নেতাই বলপূৰ্বকভাৱে আটক কৰি বাংলাদেশীৰ লেবেল লগাই দিবলৈ চেষ্টা কৰা বিষয়টোৱে এতিয়া সৰ্বত্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। আটাছুৰ কৰ্মকৰ্তাসকলৰ মুখত চৰ শোধাই অৱশেষত আৰক্ষীয়ে এইসকল ভাৰতীয় শ্ৰমিকক মুকলি কৰি দিবলৈ বাধ্য হয়। জানিব পৰা মতে, যোৰহাট জিলাৰ নকছাৰীৰ ৰতনপুৰৰ দেবেন দাস নামৰ লোকজনৰ ইটাভাটাত ৩০গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ শ্ৰমিকে কৰ্মৰত হৈ আছিল। কালি সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ একাংশ কৰ্মকৰ্তাই ইটাভাটাত কৰ্মৰত ৩০গৰাকী শ্ৰমিকক সন্দেহজনক নাগৰিক বুলি দাবী-ধমকি দি আটক কৰি নকছাৰী আৰক্ষীক গতাই দিয়ে।

আটাছুৰ নকছাৰী আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকলে শ্ৰমিকসকলক বলপূৰ্বক বাংলাদেশী সজাবলৈ চেষ্টা কৰিছিল। আনকি শ্ৰমিকসকলে নিজকে ভাৰতীয় বুলি দাবী কৰি সকলো ধৰণৰ তথ্যপাতি প্ৰদৰ্শন কৰিছিল যদিও তথাকথিত সংগঠনৰ নেতাই বলপূৰ্বকভাৱে আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰিছিল। পিছত নকছাৰী আৰক্ষীয়ে ৩০গৰাকী শ্ৰমিকক সোধা-পোছা কৰাৰ লগতে ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হয়। আটাইকেইজন শ্ৰমিক মৰিগাঁও জিলাৰ ভূৰাগাঁও অঞ্চলৰ বাসিন্দা। ইটাভাটাটোৰ স্বত্বাধিকাৰী দেবেন দাসৰ নেতৃত্বত নকছাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই মৰিগাঁও আৰক্ষীৰ সৈতে যোগাযোগ কৰাত আটাইকেইজন শ্ৰমিক ভাৰতীয় বুলি প্ৰমাণিত হোৱাত অৱশেষত মুকলি কৰি দিবলৈ বাধ্য হয়। দৈনিক গণ অধিকাৰৰ সাংবাদিকৰ সৈতে এক বাৰ্তালাপত নকছাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দি কয় যে আটাছুৰ কৰ্মকৰ্তাই আটক কৰা আটাইকেইজন শ্ৰমিক ভাৰতীয়। নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ সকলো ধৰণৰ তথ্যপাতি যোগান ধৰিবলৈ সক্ষম হয়। সন্দেহৰ বশৱৰ্তী হৈ শ্ৰমিকসকলক আটক কৰিছিল। ইপিনে, আটাছুৰ কৰ্মকৰ্তাই একমাত্ৰ সন্দেহৰ গইনা লৈ সংখ্যালঘু সম্প্ৰদায়ৰ শ্ৰমিকসকলক বাংলাদেশীৰ লেবেল লগাবলৈ চেষ্টা কৰা বিষয়টোক একাংশ দল-সংগঠনে গৰিহণা দিয়াই নহয়, এইসকল তথাকথিত নেতাৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে।