শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / ডিচেম্বৰত মুক্তি পাব প্ৰিয়ংকা চোপ্ৰা প্ৰযোজিত প্ৰথমখন ছিকিমী চলচ্চিত্ৰ পহুনা

ডিচেম্বৰত মুক্তি পাব প্ৰিয়ংকা চোপ্ৰা প্ৰযোজিত প্ৰথমখন ছিকিমী চলচ্চিত্ৰ পহুনা

আনহাতে, ‘’পহুনা : দ্য লিটল্ ভিজিটৰছ’ এ জাৰ্মানীত শিশু তথা যুৱ দৰ্শকৰ বাবে অনুষ্ঠিত স্কেলিনজেল আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত দুটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। সেই মহোৎসৱত চলচ্চিত্ৰখনে য়ুৰোপিয়ান শিশু চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে বৃত্তিগত জুৰীৰ কাহিনী চলচ্চিত্ৰৰ আন্তৰ্জাতিক শাখাত বিশেষ উল্লেখ বঁটা লাভ কৰিছিল। তদুপৰি, ছবিখনে যোৱা বছৰ টৰন্টো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰতো উচ্চ প্ৰশংসিত হৈছিল। চলচ্চিত্ৰখনৰ মুক্তিৰ পিছত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰাৰ আশা কৰিছে প্ৰযোজক গোষ্ঠীয়ে।