শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / পাকিস্তানৰ ২২তম্ প্ৰধানমন্ত্ৰী ইমৰান খান

পাকিস্তানৰ ২২তম্ প্ৰধানমন্ত্ৰী ইমৰান খান

সদ্য অনুষ্ঠিত পাকিস্তানৰ জাতীয় নিৰ্বাচনত তেহৰিক ইনছান পাৰ্টীয়ে ১১৬খন আসনত জয়লাভ কৰি বৃহত্তম দল হিচাপে পৰিগণিত হৈছে। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যা বাকী। কিছুমান সৰু-সুৰা দলৰ সমৰ্থনৰ দ্বাৰা পূৰণ কৰি তেহৰিক ইনছাফ পাৰ্টীৰ সভাপতি, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ ইমৰান খানে দেশৰ ২২তম প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে যোৱা ১৮ আগষ্ট তাৰিখে। উল্লেখযোগ্য যে পাকিস্তানৰ নিচিনা মৌলবাদীৰ ঘাটি থকা দেশ এখনত পশ্চিমীয়া শিক্ষাৰে শিক্ষিত প্ৰাক্তন ক্ৰিকেটাৰ ইমৰান খানৰ দৰে উদাৰপন্থী-ধৰ্মনিৰপেক্ষ ব্যক্তি শাসনৰ গাদী দখল কৰিবলৈ সক্ষম হোৱাটো কম গুৰুত্বপূৰ্ণ কথা নহয়। মৌলবাদ আৰু সন্ত্ৰাসবাদীৰ ঘাটি বুলি জনাজাত পাকিস্তানত ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা যোৱা সত্তৰ বছৰত  স্থায়ীভাৱে প্ৰৱৰ্তন কৰিব নোৱাৰাটোও লক্ষণীয় দিশ। কাৰণ পাকিস্তানৰ শাসন ব্যৱস্থাত এতিয়ালৈকে আছিফ আলী জৰ্দাৰীৰ চৰকাৰখনেহে সম্পূৰ্ণ পাঁচ বছৰ কাল সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ বিপৰীতে যোৱা সত্তৰ বছৰত যিমানবোৰ চৰকাৰ গণতান্ত্ৰিকভাৱে গঠিত হৈছিল তাৰ এখন চৰকাৰেও সম্পূৰ্ণ পাঁচ বছৰ শাসন কৰিবলৈ সক্ষম হোৱা নাছিল। বিশেষকৈ কিছুমান একনায়কত্ববাদী শাস¸কৰ হস্তক্ষেপৰ বাবে বা অইন কিবা জৰুৰী সমস্যাৰ বাবে। এই দিশৰ পৰা বিশ্লেষণ কৰিলে ইমৰান খানৰ চৰকাৰেও সম্পূৰ্ণ পাঁচ বছৰ শাসন কৰিবলৈ সক্ষম হ’ব নে নাই তাক এতিয়াই খাটাংকৈ ক’ব নোৱাৰি। ইফালে ইমৰান খানৰ সাফল্য দেখা পাইয়ে বিৰোধী দলবোৰৰ ঐক্যবদ্ধ জোঁটবন্ধনত অতিকৈ তৎপৰতা দেখুৱাই আছে। এতিয়া সময়েহে ক’ব ইমৰান খানৰ চৰকাৰ কিমান দিনলৈ বৰ্তি থাকিব পাৰিব। অন্যহাতে দেখা যায়, ইমৰান খানৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ আটায়ে পশ্চিমীয়া শিক্ষাৰে শিক্ষিত আৰু অতি অভিজ্ঞ, সুনিপুণ প্ৰশাসক হোৱাৰ সম্ভাৱনা অধিক। যিয়েই নহওক, মিলিজুলি চৰকাৰ চলাবলৈ আৰু সম্পূৰ্ণ পাঁচ বছৰ কাৰ্যকাল পূৰণ কৰিবলৈ ইমৰান খানৰ অশেষ ধৈৰ্য, কৌশল আৰু সাহসৰ দৰকাৰ হ’ব। এই কঠিন পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ হ’লে ইমৰান খানৰ সহায়ক আৰু উপদেষ্টা মণ্ডলী অতিকৈ সৎ আৰু নিষ্ঠাৱান হোৱা দৰকাৰ আছে। নতুন ৰাজনীতিক হিচাপে তোষামোদকাৰীৰ কবলত পৰি যদি ভুল সিদ্ধান্ত ল’বলগীয়া হয়, তেন্তে ইমৰান খানো পাকিস্তানৰ পূৰ্বৰ গতানুগতিক শাসকসকলৰ শাৰীতে থিয় দিব লাগিব। নতুন পাকিস্তান গঠনৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ হ’লে শাসনৰ প্ৰতিটো স্তৰতে ইমৰান খানে নতুনত্ব দেখুৱাব নোৱাৰিলে নতুন চৰকাৰ বিপদমুক্ত হোৱাৰ সম্ভাৱনা ক্ষীণ।

প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিয়েই যোৱা ১৮ আগষ্ট তাৰিখে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া সত্তৰ মিনিটৰ ভাষণত ইমৰানৰ নতুন চৰকাৰে ল’বলগীয়া পদক্ষেপসমূহ উল্লেখ কৰি নতুন চৰকাৰত নতুনত্ব ব্যৱস্থা কিছুমান লোৱাৰ কথা ব্যক্ত কৰিছে। উল্লেখযোগ্য যে কথা বা প্ৰতিশ্ৰুতি যিমানেই নিদিয়ক কিয়, সেইবোৰ কিছুমান কাৰ্যকৰী কৰিব পাৰে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব ইমৰান খানৰ ৰাজনীতিৰ দ্বিতীয় ইনিংছ। আৰ্থিকভাৱে জুৰুলা পাকিস্তানৰ ৰাজভঁৰাল টনকিয়াল কৰিব নোৱাৰিলে কোনো ধৰণৰ উন্নয়ন যে সম্ভৱ নহয় তাক সহজেই উপলব্ধি কৰি ইমৰান খানে প্ৰথম পদক্ষেপ হিচাপে কিছুমান অৰ্থনীতিৰ লগত জড়িত নতুন পদক্ষেপ লোৱা আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত চৰকাৰৰ ব্যয়ৰ ক্ষেত্ৰত, মিতব্যয়িতা কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ধনভড়াল চহকী কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আৱাস ইমৰান খানে ব্যৱহাৰ নকৰি উচ্চ শিক্ষানুষ্ঠান ৰূপে গঢ়ি তুলিবলৈ সিদ্ধান্ত লৈ তাত থকা বিলাসী-অদৰকাৰী বয়বস্তু নিলাম কৰি সংগ্ৰহ কৰা ধনেৰে উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে। নিলাম প্ৰক্ৰিয়াত প্ৰধানমন্ত্ৰী আৱাসত থকা বিলাসী গাড়ী, গাইগৰু আৰু আন কিছুমান অতি দামী বয়বস্তু নিলামত বিক্ৰী কৰি ইতিমধ্যে ভালেখিনি ধন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তদুপৰি প্ৰকাণ্ড গৱৰ্নৰ হাউছ আৰু তেনেকুৱা বিলাসী অট্টালিকাবোৰক পঞ্চতাৰকাৰ সুবিধা কৰি হোটেল হিচাপে ব্যৱস্থা কৰি অনেক ধন উপাৰ্জন কৰিবলৈ নতুন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।

দুৰ্নীতি পাকিস্তানত ইমান বেছিকৈ শিপাইছিল যে পূৰ্বৰ চৰকাৰে দুৰ্নীতি কৰিয়েই দেশৰ ৰাজভড়াল উদং কৰি থৈ গৈছিল। দুৰ্নীতিবিৰোধী পদক্ষেপত অলপ কঠোৰ হোৱা বাবেই পূৰ্বৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ পৰিয়ালসহ আজি জে’লৰ আলহী হ’ব লগা হৈছে। ভৱিষ্যতেও দুৰ্নীতি যাতে হ’ব নোৱাৰে তাৰ বাবে নতুন চৰকাৰে কিছুমান বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰশাসন ব্যৱস্থা পশ্চিমীয়া দেশবোৰৰ আৰ্হিত চলাবলৈ আমোলা-বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে, যাতে স্বচ্চ শাসন ব্যৱস্থাত কোনো ধৰণৰ দুৰ্নীতি হ’ব নোৱাৰে। লগতে দুৰ্নীতি প্ৰতিৰোধক চৰকাৰী বিভাগটোক অতিকৈ সক্ৰিয় কৰিবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ লগতে চৰকাৰ তথা প্ৰধানমন্ত্ৰীক পৰামৰ্শ দিবলৈ দেশৰ আগশাৰীৰ বিশ্ববিখ্যাত অৰ্থনীতিবিদসকলৰ এক গোট গঠন কৰি দিয়া হৈছে। উক্ত বিশেষজ্ঞসকলে উন্নয়নৰ ক্ষেত্ৰত চৰকাৰক দিহা-পৰামৰ্শ দি থাকিব, যাতে দেশৰ উন্নয়ন দ্ৰুত হয়। ইফালে দেশৰ উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰিবলৈ প্ৰয়োজনীয় পুঁজি সংগ্ৰহৰ লক্ষ্যৰে বিভিন্ন দেশৰ বিনিয়োগকাৰীক পাকিস্তানত ব্যৱসায় কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। তদুপৰি নতুন প্ৰধানমন্ত্ৰী ইমৰান খানে পৃথিৱীৰ বন্বু ভাবাপন্ন দেশবোৰৰ ওপৰত আৰ্থিক সহায়ৰ বাবে আবেদন কৰি আছে, যাৰ ফলস্বৰূপে ছৌদি আৰবে ছয় বিলিয়ন ডলাৰ ইতিমধ্যে ঋণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। মুঠতে পাকিস্তানক আৰ্থিকভাৱে স্বাৱলম্বী কৰিবলৈ খান চাহাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। দেশৰ নিবনুৱা সমস্যা সমাধান কৰিবলৈ, নতুন কৰ্মসংস্থানৰ ব্যৱস্থা কৰিবলৈ নানা ধৰণৰ নতুন নতুন কৌশল অৱলম্বন কৰি আছে। ইফালে সন্ত্ৰাসবাদ নিৰ্মূল কৰি দেশত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰালৈকে ইমৰান খানৰ সকলো চেষ্টা বৃথা হ’ব বুলি উপলব্ধি কৰিয়েই উগ্ৰপন্থী সমস্যা সমাধান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত সফল হ’বলৈ অলপ সময় আৰু ধৈৰ্যৰ দৰকাৰ হ’ব, কাৰণ উগ্ৰপন্থীৰ সমস্যাটো পাকিস্তানৰ বাবে পুৰণি সমস্যা আৰু ইয়াৰ শিপা বহু দূৰলৈ বিয়পিছে। যিয়েই নহওক, ইমৰান খানে নতুন পাকিস্তান প্ৰতিষ্ঠা কৰিবলৈ আৰু হজৰত মহম্মদ (দঃ)ৰ মোক্কা-মদিনাৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ হ’লে প্ৰথমে দেশৰ উগ্ৰপন্থী সমস্যা সমাধান কৰি চুবুৰীয়া দেশবোৰৰ লগত সম্পৰ্ক উন্নত কৰি বন্বু দেশবোৰৰ লগতে ব্যৱসায়-বাণিজ্যৰ সম্পৰ্ক কৰিব পাৰিলেহে সুফল পাব। অন্যহাতে দেশত গণতন্ত্ৰৰ প্ৰতিটো স্তম্ভক সুস্থিৰ আৰু স্বাধীনভাৱে কাম কৰিবলৈ দিয়াৰ পৰিৱেশ গঢ়ি তুলি দেশত গণতন্ত্ৰক স্থায়ী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহে পাকিস্তান বিশ্বৰ দৰবাৰত এক সভ্য দেশ হিচাপে পৰিচিত হ’ব। সন্ত্ৰাসবাদ, মৌলবাদ আৰু একনায়কত্ববাদৰ দ্বাৰা জৰ্জৰিত পাকিস্তান ইমৰান খানৰ শাসনকালত পূৰ্বৰ সকলো বদনাম আঁতৰাই আধুনিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু সুস্থিৰ দেশ ৰূপে বিশ্বত পৰিচিত হ’লে আমি ভাৰতবাসী সুখী হ’ম।

লিখকৰ ফোনঃ ৯৮৫৪০-৯০৬৮১