শেহতীয়া খবৰ
Home / ৰাজনীতি / উত্তৰ প্ৰদেশৰ ফৈজাবাদৰ নাম হ’ল অযোধ্যা

উত্তৰ প্ৰদেশৰ ফৈজাবাদৰ নাম হ’ল অযোধ্যা

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ফৈজাবাদৰ নাম সলনি হৈ গ’ল৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জনালে যে ফৈজাবাদৰ নাম হ’ব অযোধ্যা৷ মাত্ৰ কেইদিনমান আগতে এলাহাবাদৰ নাম সলনি কৰা হৈছে আৰু এতিয়া পুনৰ আৰু এখন ঠাইৰ নাম পৰিৱৰ্তন কৰিলে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে৷  মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অযোধ্যা আমাৰ সন্মানৰ প্ৰতীক৷ অযোধ্যাৰ সৈতে ভগবান ৰাম জড়িত হৈ আছে৷ আজি ফৈজাবাদত আয়োজিত দীপাৱলীৰ এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰি এই ঘোষণা যোগী আদিত্যনাথৰ৷