শেহতীয়া খবৰ
Home / আঞ্চলিক / একাদশ এছিয়ান এয়াৰগান চেম্পিয়নশ্বিপত মিশ্ৰ শাখাত হৃদয়ৰ সোনৰ পদক জয়ঃ উৎফুল্লিত নাৰায়ণপুৰ বাসী

একাদশ এছিয়ান এয়াৰগান চেম্পিয়নশ্বিপত মিশ্ৰ শাখাত হৃদয়ৰ সোনৰ পদক জয়ঃ উৎফুল্লিত নাৰায়ণপুৰ বাসী

দিপান্ত কাকতি,নাৰায়ণপুৰঃ কুৱেইটত অনুষ্ঠিত হোৱা একাদশ এছিয়ান এয়াৰগান চেম্পিয়নশ্বিপত অসমৰ হৃদয় হাজৰিকাই গুজৰাটৰ এলাভেনিল ভেলাৰিভানৰ লগত যুটী বান্ধি মিশ্ৰ শাখাত ৫০২.১ পইন্ট লাভ কৰি জুনিয়ৰ শাখাত বিশ্ব অভিলেখ সৃষ্টি কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। হৃদয়ে দলীয় শাখাত দিব্যাঞ্চ আৰু অৰ্জুনৰ সৈতে খেলি ভাৰতৰ হৈ দলীয় শাখাত ৰূপৰ পদক লাভ কৰে। ব্যক্তিগত শাখাত হৃদয়ে ৬২৭.২ পইন্টেৰে দ্বিতীয় স্থানেৰে ফাইনেলত প্ৰৱেশ কৰে যদিও হৃদয়ে পদক লাভৰ পৰা বঞ্চিত হয়। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সন্তান হৃদয়ৰ এই সাফল্যত উৎফুল্লিত নাৰায়ণপুৰবাসী। হৃদয় নাৰায়ণপুৰৰ উচ্চ শিক্ষানুষ্ঠান মাধৱদেব মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ হাজৰিকা আৰু ইভা শইকীয়া হাজৰিকাৰ একমাত্ৰ সন্তান৷