শেহতীয়া খবৰ
Home / আঞ্চলিক / নৱম কলগাছিয়া গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান : কলগাছিয়াৰ ৰাইজেই জীয়াই ৰাখিছে ভাষা আৰু সমন্বয়: বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

নৱম কলগাছিয়া গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান : কলগাছিয়াৰ ৰাইজেই জীয়াই ৰাখিছে ভাষা আৰু সমন্বয়: বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

ৰিঞ্জুৱাৰা পাৰবিন, কলগাছিয়া: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কলগাছিয়া ৰাজহুৱা খেলপথাৰত আয়োজিত আৰু বিধায়ক তথা গ্ৰন্থমেলা সমিতিৰ সভাপতি আব্দুল খালেকৰ সভাপতিত্বত অনুষ্ঠিত নৱম কলগাছিয়া গ্ৰন্থ মেলাৰ সামৰণি অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ভাষণ প্ৰসংগত কয় যে ” অসমত আইন শৃংখলতা তথা সাম্প্ৰদায়িক অসহিষ্ণুতা অব্যাহত থকাৰ সময়ত কলগাছিয়াত অনুষ্ঠিত হৈ থকা গ্ৰন্থ মেলায় সমন্বয় আৰু বৌদ্ধিক আন্দোলন গঢ়ি তুলিছে বুলি মন্তব্য কৰি কলগাছিয়াৰ ৰাইজেই ভাষাৰ সংকটৰ সময়ৰ আজিলৈকে অসমীয়াৰ অস্তিত্ব আৰু ভাষা জীয়াই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ আৰু কয় “অসমৰ নাগৰিকত্ব আৰু সংখ্যালঘূ সম্প্ৰদায়ক এক উগ্ৰ জাতীয়তাবাদী সংগঠনে হাৰাশাস্তি কৰিবলৈ উঠি পৰি লাগিছে যদিও তাক প্ৰতিহত কৰিবলৈ সকলোৰে সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়। সামৰণি অনুষ্ঠানটিৰ উদ্ভুদক তথা বিশিষ্ট লেখক ময়ূৰ বৰাই কয় অত্যাধুনিক আৰু ডিজিটেলৰ যুগত কিতাপৰ পৰা বিছিন্ন হৈ থকা মানুহৰ সম্পৰ্ক পুনৰুদ্ধাৰ কৰাৰ প্ৰয়াস কৰা বুলি মন্তব্য কৰে। অসমৰ সংখ্যালঘূ সকল বৌদ্ধিক জ্ঞান আৰু শিক্ষাৰে উজীৱিত হলে কাৰোবাৰ পৰা অসমীয়াৰ প্ৰমাণ লব নালাগে।

ইয়াৰোপৰি প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই ৰোমিছা বেগমৰ এখন কিতাপ জোনাকী এলউন্মোচন কৰি দিয়া ভাষণত কয় সাহিত্যই জাতিৰ প্ৰতিনিধিত্ব কৰাৰ লগতে মানুহক একাকাৰ কৰে। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অখিল ৰঞ্জন দত্তই ভাষণত কয় “গ্ৰন্থই পঢ়ুৱৈৰ খিৰিকী খুলি দিয়ে, অসমত বসবাস কৰা নানা জাতি জনজাতিক ভাগ ভাগ কৰিব খোজা সকলে অসমৰ সাংস্কৃতিক নেজানে বুলি দাবী কৰি কলগাছিয়াৰ নিদৰ্শন প্ৰত্যক্ষ কৰিবলৈ আহ্বান জনায়।

দৈনিক গনধিকাৰ কাকতৰ সঞ্চলক ছাহজাহান তালুকদাৰেও ভাষণ ৰাখি গ্ৰন্থ আৰু মানুহৰ সহযোগিতাৰ শলাগ লয়”
অসম মহিলা সাংস্কৃতিক সংঘৰ সম্পাদিকা জুনু বৰা, অভিনেত্ৰী ফেৰী প্ৰিয়া,
বিশিষ্ট লেখিকা ৰোমিছা বেগম, লেখক ডাঃ ৰেজাউল কৰিম, অধিবক্তা ছৈয়দ বোৰহানুৰ ৰহমান, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য এম মোজাম্মেল হুছাইন, বিষয় শিক্ষক ইছমাইল হুছাইন, বিদ্যালয় সমূহৰ পৰিদৰ্শক সাদুল্লা খান প্ৰমুখ্যে সকলে ভাষণ ৰাখে।
সভাত অনুৰূপা হান্নান, প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান প্ৰমুখ্যে লোক সকল উপস্থিত থাকে। আজিৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত ক্ৰমে অৱসৰ প্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া মহম্মদ আলাুদ্দিন, কৃষি বিজ্ঞানী ডঃ মণিৰ উদ্দিন আহমেদ আৰু শিক্ষাবিদ খণ্ডকাৰ আব্দুল গফুৰক ৰাজহুৱা সম্ভৰ্ধনা জ্ঞাপন কৰা হয়।উল্লেখ্য যে এই বেলি আশা কৰা ধৰণে কিতাব বিক্ৰী হোৱা নাই গ্ৰন্থ বিপননীৰ দোকানী সকলে জানিবলৈ দিয়ে। আনহাতে, আয়োজক সমিতিয়ে স্থানীয় বহু বিশিষ্ট লোকক আমন্ত্ৰণ জনোৱা হোৱা নাই বুলি একাংশই আক্ষেপ কৰে।কিন্তু বিশিষ্ট লেখক অনন্ত কলিতাৰ “আমি হিন্দু নে মুছলমান নে অসমীয়া আৰু অধ্যাপক আব্দুল মান্নানৰ “অনুপ্ৰৱেশ” নামৰ কিতাপ দুখন সম্পূৰ্ণৰূপে শেষ হয় বুলি জানিব পৰা গৈছে। সামৰণি অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাক্তন মন্ত্ৰী চন্দন কুমাৰ সৰকাৰে সাংস্কৃতিক শোভা যাত্ৰা উদ্ভোদন কৰে।