শেহতীয়া খবৰ
Home / আঞ্চলিক / উত্তৰ পকোৱা আঞ্চলিক ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

উত্তৰ পকোৱা আঞ্চলিক ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

আৰিফুল হক, চামতাঃ অসমত অতি শীঘ্ৰে আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা, দ্বি-নাগৰিকত্ব প্ৰদান কৰা আৰু পূৰ্ণ শ্বায়ত্ত শাসনৰ দাবীত  আজি  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ পকোৱা আঞ্চলিক সমিতিৰ আহ্বানত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰা হ’য়৷ সমগ্ৰ অসমতে সৰ্বস্তৰৰ ৰাইজে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰুদ্ধে তীব্ৰ গণ  আন্দোলন অব্যাহত ৰখাৰ সময়তে  উত্তৰ পকোৱা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ শতাধিক প্ৰতিবাদকাৰীয়ে ৰাইজৰ সহযোগত হাতে হাতে জোঁৰ লৈ আজি সন্ধিয়া ৬ বজাৰ পৰা প্ৰায় এঘণ্টা সময় ধৰি বৃহত্তৰ উত্তৰ পকোৱাৰ জাগ্ৰাৰোড, বনগাঁও, বৰনদ্দী, শনিৰোড আদি অঞ্চলত জোঁৰ সমদল কৰি “অসমত অতি শীঘ্ৰে আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক, “দ্বি-নাগৰিকত্ব প্ৰদান কৰক, “পূৰ্ণ স্বায়ত্ত শাসন প্ৰদান কৰক”, “অসম চৰকাৰ হায় হায়”, ” কেন্দ্ৰীয় চৰকাৰ হায় হায়”, ”  “বাংলাদেশী গ’ বেক ” আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সম্পাদক গৌতম বৰ্মনে নেতৃত্ব বহন কৰা আজিৰ জোৰঁ সমদল কাৰ্যসূচীত উত্তৰ পকোৱা আঞ্চলিক সমিতিৰ সভাপতি মনজিৎ বৰ্মন, বিত্ত সম্পাদক সূনীল দাসৰ লগতে বহুতো নেতৃস্থানীয় লোকে অংশগ্ৰহন কৰে ৷
সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ  সম্পাদক গৌতম শৰ্মাই কয়  যে “অসমৰ জাতীয় সমস্যা সমূহৰ স্থায়ী সমাধান তথা বহিৰাগতৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ বাহিৰে গত্যান্তৰ নাই ৷ গতিকে চৰকাৰে আমাৰ মুল দাবী তিনিটা অতি শীঘ্ৰে কাৰ্যকাৰী কৰিবই লাগিব ৷ আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে কয় যে যি কোনো মূল্যৰ বিনিময়ত চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবই লাগিব অন্যথা অধিক তীব্ৰতৰ হ’ব আন্দোলন ৷ জাতিৰ সংকটৰ সময়ত জাতীয় নায়কে কেৱল গাদী ৰক্ষাৰ স্বাৰ্থত চকুমুদা কুলিৰ ভাঁও ধৰিলে নহব , জাতীয় নায়কৰ প্ৰকৃত চৰিত্ৰ ৰূপায়ন কৰিব লাগিব ৷