শেহতীয়া খবৰ
Home / আঞ্চলিক / হাউলীত সাংবাদিক কমল চন্দ্ৰ বায়নৰ স্মৃতি চাৰণ সভা সম্পন্ন

হাউলীত সাংবাদিক কমল চন্দ্ৰ বায়নৰ স্মৃতি চাৰণ সভা সম্পন্ন

গণবাৰ্তা,হাউলীঃ হাউলীৰ বিশিষ্ট সাংবাদিক, সাহিত্যিক, হাউলীৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি, হাউলী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা হাউলী নৰ্মাল স্কুলৰ অৱসৰপ্রাপ্ত শিক্ষক কমল চন্দ্ৰ বায়নৰ যোৱা ২৭ অক্টোবৰত পৰলোকপ্ৰাপ্তি ঘটে। তেখেতৰ আত্মাৰ সদগতি হকে আজি হাউলীৰ দুই নং ৱাৰ্ডত অৱস্থিত তেখেতৰ নিজ বাস ভৱনত এখন স্মৃতিচাৰণ সভা আবেলি পাঁচ বজাত অনুষ্ঠিত হয়। মনোহৰি বায়নে অাঁত ধৰা সভা খনত প্ৰায়ত কমল চন্দ্ৰ বায়নৰ জীৱন বীক্ষা আৰু স্মৃতিকথাৰ সংকলনত “কমলৰ পাহে পাহে” নামৰ এখন শ্ৰদ্ধাঞ্জলী শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। উক্ত গ্ৰন্থখন উন্মোচন কৰে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে। ইয়াৰ ওপৰিও উক্ত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, হাউলী নগৰ সমিতিৰ প্ৰাক্তন সভাপতি পৰমানন্দ দাস, হাউলী সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ নাথ পূজাৰী, হাউলী ৰাস মহোৎসৱৰ সভাপতি ড° ভুপেন দাস, বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস আদিয়ে উপস্থিত থাকি কমল চন্দ্ৰ বায়নৰ জীৱন দৰ্শনৰ ওপৰত অলোকপাত কৰি বক্তব্য আগবঢায়। ইয়াৰ পুৰ্বে সাহিত্যিক সুশীল ৰঞ্জন চৌধুৰীয়ে কমল চন্দ্ৰ বায়নৰ জীৱন দৰ্শৰ ওপৰত ৰচনা কৰা এটি কবিতা পাঠ কৰে।