শেহতীয়া খবৰ
Home / আঞ্চলিক / নাজিৰা মহকুমাত আগন্তক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বিষেশ সভা

নাজিৰা মহকুমাত আগন্তক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বিষেশ সভা

চৈয়দ খাইৰুল হাচান, নাজিৰাঃ নাজিৰা মহকুমাত পঞ্চায়ত নিৰ্বাচন, ২০১৮ সুকলমে অনুস্থিত কৰাৰ উদ্দেশ্যে অতিৰিক্ত উপায়ুক্ত তথা নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপাৰ সভাপতিত্বত মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমাটোৰ অন্তৰ্গত সকলো ৰাজনৈতিক দলৰ বিষয়া-বৰ্গ/ সদস্য/ প্ৰতিনিধি আৰু পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন দায়িত্ব ন্যস্ত কৰা নাজিৰা মহকুমাৰ বিভিন্ন বিভাগৰ বিষয়া-বৰ্গ আৰু নাজিৰাৰ সাংবাদিক সকলৰ লগত পৃথকে পৃথকে নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। দুয়োখন সভাতে আগন্তক পঞ্চায়ত নিৰ্বাচনৰ লগত জড়িত বিভিন্ন বিষয় বিস্তিতভাৱে আলোচনা কৰাৰ লগতে মহকুমাধিপতি গৰাকীয়ে ৰাজনৈতিক দলৰ বিষয়া-বৰ্গ/ সদস্য/ প্ৰতিনিধি আৰু সাংবাদিক সকলৰ লগত পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন দিশ সম্পৰ্কে পাৰস্পৰিক মত বিনিময় কৰে।
উল্লেষযোগ্য যে ০১-০১-২০১৮ তাৰিখ অনুসৰি নাজিৰাৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ১,১০,৮৬১। ইয়াৰে ৫৬,৯৭৭ জন পুৰুষ ভোটাৰ আৰু ৫৩,৮৮৪ গৰাকী মহিলা ভোটাৰ। ভোটগ্ৰহণ অনুস্থিত হ’ব অহা ৫ ডিচেম্বৰ তাৰিখে। মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ২০৫ টা। ভোট গ্ৰহণ  প্ৰক্ৰিয়াত ১০০০ ৰো অধিক বিষয়া-বৰ্গ প্ৰত্যক্ষ ভাৱে জড়িত থাকিব। প্ৰশিক্ষণ অনুস্থিত হ’ব তিনিটা পৰ্য্যায়ত। সভাত নজিৰাৰ মহকুমাধিপতিৰ উপৰিও উপস্থিত থাকি অংশগ্ৰহণ কৰে ৰাজহ চক্ৰ বিষয়া কবিতা কাকতি কোৱঁ‌ৰ, সহকাৰী আয়ুক্ত অদিতি বৰ্মণ, জনস্ংযোগ বিষয়া জয়ন্ত মাউত, ৰাজহ চক্ৰ বিষয়া অৰূপ বীৰকামিয়া আদিকে ধৰি নাজিৰা মহকুমাৰ বিভিন্ন বিভাগৰ বিষয়া সকল আৰু নাজিৰা মহকুমাৰ সংবাদকৰ্মী সকলে।