শেহতীয়া খবৰ
Home / আঞ্চলিক / কালজাৰত অসম যুৱ পৰিষদৰ প্ৰতিনিধি সভা

কালজাৰত অসম যুৱ পৰিষদৰ প্ৰতিনিধি সভা

ডিজিটেল সংবাদ, হাউলীঃ সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰণত নামিছে ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ লগতে বিশেষ তৎপৰতা বৃদ্ধি পাইছে বিভিন্ন ৰাজনৈতিক নেতা-কৰ্মীৰ মাজত।নামনি অসমৰ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্রী বিধানসভা সমষ্টিতো অঞ্চলিক দল অসম গণ পৰিষদে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণডংগা বজোৱা পৰিলক্ষিত হৈছে । তদুপলক্ষে দলটোৰ অসম যুৱ পৰিষদৰ সৰুক্ষেত্রী সমষ্টি কমিটিৰ সভাপতি তাইজউদ্দিন আহমেদৰ পৌৰোহিত্যত উত্তৰ বেতবাৰী আঞ্চলিক যুৱ পৰিষদৰ সমিতি গঠনৰ বাবে দিনৰ ৩ বজাত কালজাৰ নৱোদয় জাতীয় বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে সমষ্টি কমিটিৰ সম্পাদক ছাদ্দাম হুছেইনে । উক্ত সভাত অগপ সমষ্টি কমিটিৰ সভাপতি আতোৱাৰ ৰহমান বনজিৎ বৈশ্য আদি কৰি কেবাগৰাকী ব্যক্তিয়ে বক্তব্য ৰাখে । সভাৰ শেষত ৩১ জনীয়া এখন পুৰ্ণাংগ কমিটি গঠন কৰা হয় ।